কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলা কোকৰাঝাৰত হাতী দাঁতসহ এটা চোৰাং সৰবৰাহকাৰী আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোকৰাঝাৰ আৰক্ষী অাৰু ২০ নং ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নে যৌথ অভিযান চলাই জিলাখনৰ কচুগাঁওৰ সুদেমপুৰী এলেকাৰ পৰা চাৰিটা হাতী দাঁতসহ অাটক হোৱা চোৰাং সৰবৰাহকাৰীটোক চিৰাং জিলাৰ ভূৰ তিনালীৰ কাণ্ডা বসুমতাৰী ওৰফে শ্ৰীকাণ্ডা (৩২) বুলি অাৰক্ষীয়ে সদৰী কৰিছে ।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে কালি অৰ্থাৎ ৩ এপ্ৰিলৰ সন্ধিয়া ৭:১০মান বজাত কচুগাঁও অাৰক্ষী অাৰু ২০ নং ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নৰ অভিযানকাৰী দল এটাই এক বিশেষ সূত্ৰৰ পম খেদি কচুগাঁও থানাৰ নিকটবৰ্তী সুদেনপুৰী এলেকাত খাপ পিটি থাকে।

তেনেদৰে খাপ পিটি থাকোতে দুজন যুৱক জংঘলৰ পৰা বেগ লৈ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ পিনে আহে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেগ লৈ যুৱক দুজন মহামায়া মন্দিৰৰ পিনে খোজ লয় আৰু তেনেদৰে গৈ থাকোতে অান এজন যুৱকে তেওঁলোকৰ সংগ লয় আৰু তেওঁলোকৰ মাজত কোনো বিষয় লৈ আলোচনা হয়।

যুৱক তিনিজনৰ সমগ্ৰ কৰ্মকাণ্ড অাৰক্ষীয়ে প্ৰত্যক্ষ কৰি আটক কৰিবলৈ প্ৰচেষ্টা চলাওতেই দুজন যুৱক ঘন জংঘলৰ অাঁৰ লৈ পলায়ন কৰে যদিও অানজন যুৱকক বেগসহ অাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

অাৰক্ষীয়ে আটকাধীন যুৱকজনৰ বেগৰ পৰা চাৰিটাকৈ হাতীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ সন্ধানত অাৰক্ষীয়ে ধৃত চোৰাং সৰবৰাহকাৰী কাণ্ডা বসুমতাৰীক জেৰা অব্যাহত ৰাখিছে। বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাতে হাতী দাঁতৰ এনে চোৰাং সৰবৰাহে প্ৰকৃতিপ্ৰেমীক চিন্তিত কৰি তুলিছে ।