ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্যাতিত শিশুৰ ৫৩.২ শতাংশৰ ভিতৰত ৫২.৯ শতাংশই হৈছে পুৰুষ। কিন্তু সেই অনুপাতে পক্সো আইনখন লিংগ-সমানুপাতিক হোৱাটো অতিকৈ জৰুৰী। সেয়ে এই আইনখন সংশোধনৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে চৰকাৰে।

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এই কথা সদৰী কৰিছে। এই প্ৰস্তাৱৰ আধাৰতে ১২ বছৰ অনুৰ্দ্ধ শিশুৰ ধৰ্ষণৰ অপৰাধীক মৃত্যুদণ্ড দিয়াৰ বাবে দিয়া অধ্যাদেশত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে স্বাক্ষৰ কৰিছে। 

মন্ত্ৰালয়ে ২৬ এপ্ৰিলত টুইটযোগে জনায় যে চৰকাৰে লিংগ বৈষম্য দুৰ কৰাৰ বাবে কাম কৰি আহিছে আৰু পক্সো আইনখনৰ সংশোধনৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে। ইয়ে যৌন শোষণ-উৎপীড়নৰ বলি হোৱা শিশুক ন্যায় দিয়াত ন্যায়পালিকাক অধিক সক্ষম কৰি তুলিব। 

চলচ্চিত্ৰ নিৰ্মাতা ইঞ্চিয়া দাৰীৱালাই চেইঞ্জ ডট অৰ্গযোগে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই শিশু বিকাশ মন্ত্ৰালয়ৰ মন্ত্ৰী মেনকা গান্ধীয়ে বুধবাৰে আবেদনত উল্লেখ থকা কথা স্বীকাৰ কৰে যে কন্যাৰ অনুপাতে বালকৰ যৌন নিৰ্যাতনৰ দিশটো সততে উলাই কৰাটো সঁচা।