ডিজিটেল ডেস্কঃ পুডুচেৰীৰ উপ-ৰাজ্যপাল কিৰণ বেদীয়ে দিয়া নিৰ্দেশ পৰিহাৰ কৰিবলৈ বাধ্য হ’ল৷ কিৰণ বেদীয়ে যেতিয়ালৈ মুকলিত শৌচ কৰা বন্ধ নকৰে আৰু গাঁও পৰিস্কাৰ নহয় তেতিয়ালৈকে বিনামূলীয়ে ৰেচন লাভ নকৰিব বুলি কয়৷  

উপ-ৰাজ্যপাল কিৰণ বেদীৰ এই নিৰ্দেশৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিৰোধীয়ে এই নিৰ্দেশক তীব্ৰ সমালোচনা কৰে৷ ফলত বেদীয়ে তেঁওৰ নিৰ্দেশ পৰিহাৰ কৰে৷

শুকুৰবাৰে বেদীয়ে এক নিৰ্দেশ যোগে যিখন গাঁৱত মুকলিত শৌচ কৰা পৰিলক্ষিত হ’ব আৰু জাঁৱৰ-জোঁধৰ দেখা পোৱ যাব সেই ঠাইত বিনামূলীয়া ৰেচন বিতৰণ বন্ধ থাকিব বুলি কৈছিল৷ পুডুচেৰীৰ গাঁৱৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱ বুলি অভিযোগ উত্থাপন হয়৷ এই পৰিৱেশ সলনি কৰাৰ বাবে এই সিদ্ধান্ত লয় ৰাজ্যপালে৷ 

বেদীয়ে স্থানীয় জনগোষ্ঠীক নিজৰ ঠাই পৰিষ্কাৰ কৰাৰ দায়িত্ব দিয়াৰ পোষকতা কৰে৷ ‘‘যি সমূহ গাঁও মুকলিত শৌচ আৰু জাঁৱৰ মুক্ত হ’ব তেওঁলোকক চাৰ্টিফিকেট দিয়ক৷ যি ঠাইৰ চাৰ্টিফিকেট থাকিব সেই ঠাইত বিনামূলীয়া চাউল বিতৰণ কৰক৷’’

প্ৰমাণ পত্ৰ বাৰে বাৰে প্ৰমাণিত কৰাৰ ব্যৱস্থা হওঁক বুলিও কয়৷ বিনামূলীয়া যোজনাৰ চাউল লাভ কৰিবৰ বাবে প্ৰতিটো বিধান সভা সমষ্টিক ৪ সপ্তাহৰ সময় দিয়া হৈছিল৷ যাৰ দ্বাৰা নিজ নিজৰ এলেকাক চাফ-চিকুণ কৰিব পাৰে৷ এই নিৰ্দেশৰ সময় আছিল ৩১ মে’লৈ৷

উপ-ৰাজ্যপালৰ এই নিৰ্দেশ দেশতক স্বচ্ছ কৰাৰ স্বাৰ্থত আছিল যদিও ৰেচন বন্ধ কৰাৰ যুক্তিক তীব্ৰ সমালোচনা কৰে একাংশ লোকে৷ ডিএমকেৰ কাৰ্যকৰী অধ্যক্ষ মুনেত্ৰ কাৰগমে তীব্ৰ বিৰোধ কৰি কয় যে বিনামূলীয়া চাউল বিতৰণ আৰু চাফাই অভিযানক একত্ৰিত কৰাটো সামাজিক ন্যায় আৰু সমভাৱনাৰ সিদ্ধান্তৰ বিৰোধী৷ উপ-ৰাজ্যপালৰ এই নিৰ্দেশক উদ্ধাতালি আখ্যা দি প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰে এআইডিএকেয়ে৷

বিৰোধীৰ ব্যাপক সমালোচনাৰ অন্তত শনিবাৰে নিশা এই নিৰ্দেশ প্ৰত্যাহাৰ কৰে৷ উল্লেখ্য যে, পুডুচেৰীৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালক মাহেকত চৰকাৰে ২০ কেজিকৈ বিনামূলীয়া চাউল দিয়ে৷ দৰিদ্ৰ সীমা ৰেখাৰ উৰ্দ্ধৰ লোকক ১০ কেজি বিনামূলীয়ে চাউল বিতৰণ কৰা হয়৷