প্ৰতীক ফটো
প্ৰতীক ফটো

চৰাইদেউঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বহু অঞ্চলত আৰক্ষী আৰু আবকাৰী বিভাগৰ মৌনতাৰ পূৰ্ণ সুযোগ লৈ সমাজৰ এচাম অসাধু ব্যৱসায়ীয়ে মদ-জুৱাৰ অবাধ বেহা চলোৱা পৰিলক্ষিত হৈছে। আইন-শৃঙ্খলা সদায় অটুট ৰখাৰ চেষ্টা চলোৱাত ব্ৰতী বুলি কৈ অহা ৰাজ্য চৰকাৰৰ আৰক্ষী আৰু আবকাৰী বিভাগ অঞ্চলটোত আজিৰ তাৰিখত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ বৰহাটৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বিশেষকৈ বৰহাটৰ সাপ্তাহিক বজাৰ, ৰে'ল ষ্টেচন, টিটলাগড় পাঁচ আলি, বৰহাট চাহ বাগিচা, ভূঞাখাত, বৰাছালি, চৰাইপুং আদি অঞ্চলসমূহত আৰক্ষী আৰু আবকাৰী বিভাগৰ আশীৰ্বাদত মুক্তভাৱেই অবৈধ সুৰাৰ ব্যৱসায়ীকসকলে নিতৌ ব্যৱসায় চলাই যোৱাত অঞ্চলসমূহৰ সচেতন ৰাইজ স্তম্ভিত হৈ পৰিছে।

উল্লেখ্য যে উক্ত অঞ্চলসমূহত বহা সাপ্তাহিক বজাৰ কেইখনত ব্যাপক হাৰৰ সুৰাৰ প্ৰচলনে সমাজৰ সচেতন মহলক বাৰুকৈয়ে অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে। যাৰ ফলত ইতিপূৰ্বে বহুকেইটা হিংসাত্মক ঘটনাও সংঘটিত হৈ আহিছে উক্ত অঞ্চলসমূহত।

কিন্তু এইসমূহ দিশলৈ কাণসাৰ নিদি আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ীসকলৰ সৈতে এক ৰহস্যজনক মোটা অংকৰ বুজাবুজি আছে বুলি অঞ্চলসমূহৰ ৰাইজে অভিযোগ কৰিছে। সমাজখনক ধ্বংসৰ দিশলৈ ঠেলি দিয়া ব্যৱসায়ীসকলক বাধা বা নাকি লগাবলৈ আজিৰ তাৰিখত কোনো দল-সংগঠনৰো সদিচ্ছা পৰিলক্ষিত হোৱা নাই।

মাজে মাজে দল-সংগঠনে এনে কাৰ্যৰ প্ৰতিবাদ জনালে দুই-তিনিদিন সেয়া বন্ধ হৈ পৰে যদিও আকৌ সকলো আগৰ দৰে হৈ পৰে। ফলত অঞ্চলসমূহত থকা হোটেলসমূহত অতি সহজলভ্য হৈ পৰা সুৰাৰ নিয়মীয়া গ্ৰাহকত পৰিণত হৈছে একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰী। সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আৰক্ষী আৰু আবকাৰী বিভাগে যদিহে উপৰিউক্ত স্থানসমূহত সাপ্তাহিক বজাৰৰ সময়ত মদ, জুৱাৰ বিৰুদ্ধে মুকলিকৈ অভিযান চলায় তেন্তে বহুতো ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হ'ব বুলি অঞ্চলসমূহৰ সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে।