ফটো সৌজন্যঃ ফেচবুক
ফটো সৌজন্যঃ ফেচবুক

গুৱাহাটীঃ অচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে বিতৰ্কিত আৰক্ষী বিষয়া অঞ্জন বৰা৷ বিজেপিৰ বিধায়িকাৰ বিৰুদ্ধে ফেচবুকত অশালীন মন্তব্য কৰাৰ পিছতে আজি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আৰক্ষীয়েই ৰুজু কৰে এটি গোচৰ৷ বৃহস্পতিবাৰে আইজিপি (প্ৰশাসন) প্ৰদীপ শালৈয়ে চিআইডি বিভাগত বৰাৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰে৷

ইফালে গোচৰ ৰুজু কৰাৰ কেই ঘণ্টামান পিছতে নিশা প্ৰায় ৮ বজাত এটি স্থানীয় টিভি চেনেলৰ টক শ্ব’ত ভাগ লোৱা দেখা গ’ল বিতৰ্কিত আৰক্ষী বিষয়াজনক৷ টক শ্ব’টোত ভাগ লৈ ফেচবুক পোষ্টযোগে বিতৰ্ক সৃষ্টি কৰা বৰাই আৰু একাধিক বিতৰ্কিত কথাৰে সচেতন মহলক হতচকিত কৰি তোলে৷ টক শ্ব’টোত ভাগ লোৱা আন অতিথি আৰু এংকৰৰ প্ৰশ্নবোৰ এৰাই চলি চালে-বেৰে কোবোৱা কথাৰেহে সময়খিনি পাৰ কৰিবলৈ চেষ্টা কৰে বৰাই৷ মূল বিষয়ৰ পৰা ফালৰি কাটি বিতৰ্কিত বৰাই বাৰে বাৰে আন প্ৰসংগ উত্থাপনেৰে টক শ্ব’টোত ভাগ লোৱা আন অতিথি আৰু একংৰক বিব্ৰত কৰি তোলা পৰিলক্ষিত হয়৷

কেৱল সিমানেই নহয় বিতৰ্কিত ফেচবুক পোষ্টটোৰ দৰেকৈ উক্ত টক শ্ব’টোতে কেবাটাও বিতৰ্কিত মন্তব্য কৰে ফেচবুকযোগে প্ৰমাণহীনভাৱে মহিলাক অভব্য আচৰণ কৰা আৰক্ষী বিষয়াজনে৷ অনুষ্ঠানটোত বৰাই ৰাজহুৱাকৈ ঘোষণা কৰে যে চতুৰ্থ শ্ৰেণীৰে পৰা তেওঁ আছিল আৰ এছ এছৰ এজন সক্ৰিয় সদস্য৷

ভাৰত এখন হিন্দু ৰাষ্ট্ৰ বুলিও মন্তব্য কৰে বিতৰ্কিত বৰাই৷ ইয়াৰ মাজতে এজন আলোচকে সংবিধানত ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি উল্লেখ কৰা কথাটো আগুলিয়াই দিয়াত সংবিধানকো প্ৰত্যাহ্বান জনোৱাৰ স্পৰ্ধা দেখুৱাই আৰক্ষী বিষয়াজনে৷ অনুষ্ঠানটোত ভাগ লোৱা বিজেপি নেত্ৰী এগৰাকীকো বাৰেভচহু কথাৰে আক্ৰমণ কৰে বিতৰ্কিত বৰাই৷

নিজৰ বিভাগীয় দায়িত্ব আৰু কৰ্তব্যৰ কথা পাহৰি টক শ্ব’টোত আৰক্ষী বিষয়াজনে ৰাজহুৱাকৈ বিজেপি দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱা কাৰ্যয়ো সচেতন মহলক ভবাই তুলিছে৷ বৰাই কয় যে বিজেপি দলক তেওঁ বহুত ভাল পায়৷ সেয়ে দলটোৰ এনে বেয়া কৰ্মৰ কথা তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাব বিচাৰিছিল৷ কিন্তু ব্যক্তিগতভাৱে লগ কৰাৰ সময়-সুবিধা মিলাব নোৱাৰি ফেচবুকযোগেই কৈ পেলালে বুলি জনায় বৰাই৷

এজন আলোচকে প্ৰমাণ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত কয় যে চাৰিজন বিশেষ লোকে তেওঁক এই বিষয়ে জনাইছিল৷ লোককেইজনে নিজেই বিধায়িকাগৰাকীৰ সৈতে সময় কটোৱা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াজনে৷ কিন্তু উক্ত লোককেইজনৰ নাম ৰাজহুৱা কৰিবলৈ কোৱাত বিষয়টো বাৰে বাৰে অন্য ফালে ঢাল খুৱাবলৈ চেষ্টা চলায় বৰাই৷

মাজে মাজে অত্যাধিক উত্তেজিত হৈ পৰাও দেখা গ'ল আৰক্ষী বিষয়াজনক৷ আৰক্ষী বিষয়াজনৰ এনে আচৰণৰ বাবে টক শ্ব'ৰ মাজতে প্ৰয়োজনতকৈ একাধিকবাৰ বাণিজ্যিক বিৰতি ল'বলৈ বাধ্য হৈ পৰে ঘোষক।

ইফালে অনুষ্ঠানটোত উত্তেজিত আচৰণ আৰু সুৰাসক্ত লোকৰ দৰে কথা কৈ যোৱাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠানটোৰ ঘোষকগৰাকীয়ে এবাৰ কৈ পেলায় যে দৰ্শকসকলে তেওঁ সুৰা সেৱন কৰি আছে বুলি ভাবিব পাৰে৷ এই কথাতে অত্যাধিক উত্তেজিত হৈ পৰে বিতৰ্কিত বৰা৷ লগে লগে কেমেৰাৰ সমুখতে বহাৰপৰা উঠি গৈ এটা কোকাকোলাৰ বটল আনি দেখুৱাই দি কয় যে জীৱনত আজিলৈ তেওঁ এবাৰো সুৰা সেৱন কৰি পোৱা নাই৷

‘এইটো এটা কোকাকোলাৰ বটল হয়৷ ভালকৈ চাওক৷ ফৰেনছিকত টেষ্ট কৰি চাওক৷ ইয়াত যদি সুৰা আছে বুলি প্ৰমাণ পায় তেন্তে মই কাপোৰ খুলি দিম৷’-কেমেৰাৰ সমুখতে এইদৰে উত্তেজিতভাৱে কয় বিতৰ্কিত বৰাই৷