কলিয়াবৰঃ যোৱা ২ আৰু ৪ নৱেম্বৰত ৬০ ঘন্টাৰ ভিতৰত কাজিৰঙাৰ বুঢ়াপাহাৰত পোৱালীসহ তিনিটাকৈ গঁড় হত্যা কৰিছিল চোৰাং চিকাৰীয়ে৷ গঁড় হত্যাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এটাৰ পিছত আনটো গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাত ৰাজ্য চৰকাৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল ৰাইজ। তাৰ পিছতে সস্তম হৈ পৰিছিল নগাঁও৷

১১ নৱেম্বৰত কলিয়াবৰ দাৰিগজিৰ নিতুল হাজৰিকা, বৰহোলাৰ ছহিদ আলিক ২ আৰু ৪ নৱেম্বৰৰ গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰিছিল৷ তাৰ পিছতে যোৱা ৩০ নৱেম্বৰত নগাঁও জিলাৰ কাকীমাৰিৰ জিয়াবুৰ ৰহমান, আঞ্জুপানীৰ কালিভেটিৰ কাথাৰ ইংতি গাঁৱৰ বিৰেন ইংতি, ফাৰুক আলি আৰু জাকিৰ হুছেইনেক নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

কাকীমাৰিৰ জিয়াবুৰ ৰহমান, আঞ্জুপানীৰ কালিভেটিৰ কাথাৰ ইংতি গাঁৱৰ বিৰেন ইংতি, ফাৰুক আলি আৰু জাকিৰ হুছেইনে আৰক্ষীৰ জেৰাত ২ আৰু ৪ নৱেম্বৰত কাজিৰঙাৰ বুঢ়াপাহাৰত সংঘটিত গঁড় হত্যা কাণ্ডৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰাৰ লগতে মণিপুৰৰ কুখ্যাত চিকাৰী জন থাঙে সমস্ত কাণ্ডৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছিল৷

তাৰ পিছতে জন থাঙক জালত পেলাবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল৷ তাৰ মাজতে, নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষীয়ে এক অভিযান চলাই দেওবাৰে নিশা কাৰ্বি আংলঙৰ পৰা জন থাঙক আটক কৰিবলৈ সক্ষম হয়৷ গড় হত্যাৰ মাষ্টাৰ মাইণ্ড হিচাপে খ্যাত জন থাঙৰ সৈতে আন দুই দুজন চোৰাংচিকাৰী ধৰা পৰে। নগালেণ্ডৰ ডিমাপুৰৰ জন থাঙৰ সৈতে মিজোৰামৰ চিয়ামবৈ হাঙ আৰু কুঠৰী নজানৰ মকবুল হুছেইনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

জন থাঙে পূৰ্বেও গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ ভাত খাইছিল যদিও জামিনত মুকলি হৈ পুণৰ কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জত ৪৮ ঘণ্টাৰ ভিতৰত তিনিটাকৈ গঁড় হত্যা কৰিছিল। ইফালে ধৃত আন দুজনে গঁড় নিধনত থাঙক সহযোগ আগবঢ়াই অহা বুলি জানিব পৰা গৈছে। জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি), ৪২৯, ৩৩৯, ২৫(১এ)/২৭ আৰু বন্যপ্ৰাণী প্ৰতিৰোধ আইনৰ অধীনত ১৩৫/১৭ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

২ আৰু ৪ নৱেম্বৰৰ নিশা বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বনশিবিৰত ৬০ ঘণ্টাৰ ভিতৰতে পোৱালী সহ তিনিটাকৈ গড়ঁ হত্যা কৰিছিল চোৰাং চিকাৰীয়ে। এই হত্যাকাণ্ডৰ সৈতে জড়িত ১৭জন লোকক জখলাবন্ধা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। গঁড় হত্যা সন্দৰ্ভত জন থাঙৰ সৈতে আৰক্ষীৰ জালত পৰা চোৰাং চিকাৰী কেইজনে মোবাইল ফোনত বহুবাৰ কথা পতাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ কুখ্যাত জন থাঙক বিছাৰি অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল৷