গুৱাহাটীঃ চুৰি-ডকাইতি কৰি নহয়, এইবাৰ চখতে এজন সোমাল লক-আপত। তাকো সৰ্বসাধাৰণ নহয়, আইনৰ ৰক্ষকেই সোমাল লক-আপত।

ফেচবুকত ছেলফি মেনিয়াৰ চিকাৰ কেৱল কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েই নহয়, আৰক্ষীয়েও সামিৰব নোৱাৰিলে ছেলফিৰ লোভ। সেয়ে ছেলফিৰ লোভ সামৰিব নোৱাৰি লক-আপত সোমাল আৰক্ষী। ফেচবুকত ফটো আপলোড দিবলৈ লক-আপৰ ভিতৰত সোমাই প'জ দিলে আৰক্ষী জোৱানে৷

এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষী থানাত৷ লক-আপৰ ভিতৰতে জ্যোতিষ ডেকা নামৰ আৰক্ষীৰ জোৱানজনে ফটো উঠাই ছ'চিয়েল মিডিয়াত আপলোড দিয়াৰ এই কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে, আৰক্ষী থানাৰ ভিতৰত সাংবাদিকে ফটো উঠোৱা পৰ্যন্ত নিষিদ্ধ স্বত্বেও এইজন আৰক্ষীয়ে নিজেই ভংগ কৰিছে আইন।