নতুন দিল্লীঃ এণ্টি ৰোমিঅ' সন্দৰ্ভত মন্তব্য কৰি উগ্ৰ হিন্দুত্ববাদীৰ ৰোষত পৰিছে প্ৰশান্ত ভূষণ৷ শ্ৰী কৃষ্ণক সৰ্বকালৰ আতিশায্যকাৰী আখ্যা দিয়াৰ পিছতে সমাজকৰ্মী, আইনবিশেষজ্ঞ ভূষণক উভতি ধৰে একাংশ হিন্দুত্ববাদীয়ে।

দেওবাৰে যোগী আদিত্যনাথৰ নৱগঠিত চৰকাৰক সমালোচনা কৰি ভূষণে কৈছিল যে ৰোমিঅ’ই কেৱল এগৰাকী মহিলাক ভাল পাইছিল, কিন্তু ইয়াৰ বিপৰীতে শ্ৰী কৃষ্ণ আছিল কিংবদন্তী আতিশয্যাকাৰী৷ তেওঁ ১৬শ গোপীক বাহীঁৰ সুৰেৰে নচুৱাইছিল৷ তেনে এক ইতিহাস থকা ভাৰতবৰ্ষত যোগীয়ে "এন্টি ৰোমিঅ'ৰ" ঠাইত "এন্টি কৃষ্ণ" স্কোৱাড নামাকৰণ কৰিব পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰিছিল ভূষণে৷

ইয়াৰ পিছতে টুইটাৰত কটু সমালোচনাৰ সন্মুখীন হয় ভূষণ৷ আজি টুইটাৰৰ সমালোচনাৰ পিছতেই গ্ৰেটাৰ ন’য়ডাস্থিত ভূষণৰ বাসগৃহৰ সন্মুখত সুদৰ্শন বাহিনীৰ বৃহৎ দলে বিক্ষোভ প্ৰদৰ্শন কৰে৷

ভূষণৰ কৃষ্ণ বিৰোধী টুইটৰ পিছতেই দিল্লীত বিজেপি দলৰ মুখপাত্ৰ তেজেন্দৰ সিং বাগ্গাই ৰাজধানী চহৰখনৰ আৰক্ষী থানাত গোচৰ দিয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ মুখপাত্ৰ জেছান হায়দৰে লক্ষ্নৌত এজাহাৰ দাখিল কৰিছে৷