শুক্লাইঃ বিটিএডিৰ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ৩৬খন গাঁৱৰ সুৰক্ষা, নিৰাপত্তাক লৈ বিগত কংগ্ৰেছ চৰকাৰে ভেৰগাঁৱৰ নিকটৱৰ্তী খাগ্ৰাবাৰীত স্থাপন কৰিছিল এটি আৰক্ষী চকী।

কিন্তু অাজি ৭ বছৰে কোনোধৰণৰ আধুনিকীকৰণে ঢুকি পোৱা নাই খাগ্ৰাবাৰী আৰক্ষী চকীটোক। অতিকৈ স্পৰ্শকাতৰ খাগ্ৰাবাৰী আৰক্ষী চকীত নাই কোনো সা-সুবিধা। 

নামতহে আৰক্ষী চকী, কিন্তু তাত থকা আৰক্ষী বিষয়া-কনিষ্টবলক লৈ হেতালি কৰিছে উচ্চপদস্থ আৰক্ষী বিষয়াই। ৩৬খন গাঁৱৰ দায়িত্বত থকা খাগ্ৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ক’লে নিউজ নেক্সট ৱানৰ সাংবাদিকৰ আগত জনালে দুখ-দুৰ্দশাৰ কথা। 

খাগ্ৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূটান সীমান্তৱৰ্তী গাঁৱত সঘনে হত্যাকাণ্ডৰ লগতে চুৰি-ডকাইতি সংঘটিত হয়৷ কিন্তু ঘটনাস্থলীলৈ যাবলৈ নাই এখনো চৰকাৰী বাহন।

ফলত ৰাইজৰ পৰা ককৰ্থনা তথা অপদস্থ হৈ আহিছে আৰক্ষী বাহিনী। কোনো দাগী আচামীক ধৰি আনিবলৈ নাই বাহন। যোৱা বিধানসভা নিৰ্বাচনৰ কেইদিনমান পূৰ্বে শুৱলা চাহ বাগিচা তথা কাষৰীয়া অঞ্চলত হিংসাত্মক ঘটনাৰ লগতে হত্যাকাণ্ডও সংঘটিত হৈছিল৷ 

কিন্তু একমাত্র বাহনৰ অসুবিধাৰ বাবে হত্যাকাৰীক আটক কৰাৰ ব্যৰ্থ হৈছিল আৰক্ষী। বৰ্তমান কিবা ঘটনা ঘটিলে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কেইবাখনো নৈ পাৰ হৈ নিজৰ স্কুটিখন লৈ ঘটনাস্থলীলৈ যাব লগা হয়।

আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াই খাগ্ৰাবাৰী আৰক্ষী চকীৰ উন্নীতকৰণৰ কোনো ব্যৱস্থা আজিও নল’লে। খাগ্ৰাবাৰী আৰক্ষী চকীৰ বিভিন্ন সমস্যা সমাধানাৰ্থে উপযুক্ত ব্যৱস্থা হাতত ল’বলৈ চৰকাৰক অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে আহ্বান জনাইছে৷