কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত মহাজনপাৰাৰ হুছেইন আলি সেখৰ পুত্ৰ তথা যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ ইয়াজুল সেখ (১৭) যোৱা ২৫ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ইতিমধ্যে নিৰুদ্দেশ হোৱা  ছাত্ৰ গৰাকীৰ পৰিয়ালবৰ্গই কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ছাত্ৰ গৰাকীৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে  মহাজনপাৰাৰ হুছেইন আলি সেখৰ পুত্ৰ তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ ইয়াজুল সেখ (১৭) পৰীক্ষাৰ দুদিন পূৰ্বেই  অৰ্থ্যাৎ যোৱা ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাত ৰহস্যজনকভাৱে  নিৰুদ্দেশ হয় ।

বহু বিচাৰ-খোচাৰ অন্তত তথা অাৰক্ষীয়েও ছাত্ৰগৰাকীৰ কোনো সন্ধান নোপোৱাত পৰিয়াল সদস্যসকল মানসিক ভাৱে ভাগি পৰিছে৷ কোনো লোকে নিৰুদ্দেশ হোৱা ছাত্ৰ গৰাকীৰ সম্ভেদ পালে  মোবাইল নম্বৰ ৯৯৫৭৪৫৮৩৭৩ যোগাযোগ কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছে নিখোজ হোৱা ছাত্ৰ গৰাকীৰ পৰিয়াল বৰ্গই ৷

আনহাতে ছাত্ৰ গৰাকীয়ে ৰহস্যজনক ভাৱে নিৰুদ্দেশ হোৱা আৰু আৰক্ষীয়ে যোৱা ২৫ দিনেও ছাত্ৰ গৰাকীৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এবিএমছুৱে  ৷ আজি এক বিবৃতিযোগে এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰন সম্পাদক জাইদুল ইছলামে নিৰুদ্দেশ হোৱা ছাত্ৰ গৰাকীক অতি সোনকালে উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে এবিএমছুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হব বুলিও হুংকাৰ দিছে ছাত্ৰ নেতা জাইদুল ইছলামে ৷