ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন মতে বিশ্বৰ প্ৰথম ২০ খন প্ৰদূষিত চহৰৰ তালিকাৰ ১৪ খন চহৰ ভাৰতৰ।

প্ৰদূষণৰ মাত্ৰা হিচাপত বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাখনৰ প্ৰথম ২০ স্থানত থকা চহৰকেইখন হৈছে  কানপুৰ, ফৰিদাবাদ, বাৰাণসী, গয়া, পাটনা, দিল্লী, লক্ষ্নৌ, বামেনডা (কেমেৰুন), আগ্ৰা, মুজফ্ফৰপুৰ, শ্ৰীনগৰ, গুৰগাঁও, পেশাৱৰ, ৰাৱালাপিণ্ডী, জয়পুৰ, কামপালা (উগণ্ডা), পাটিয়ালা, যোধপুৰ, নাৰায়নগুঞ্জ (বাংলাদেশ), দোহা৷ 

দিল্লীকে ধৰি আন সকলো প্ৰদূষিত চহৰত চেৰ পেলাই কানপুৰে ভাৰতৰ তথা বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান আছে৷ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া ২.৫ পিএমৰ পৰিমাণতকৈ পাঁচগুণ বেছি পৰিমাণে এই ক্ষতিকাৰক বস্তুকণা পোৱা গৈছে চহৰখনত। 

আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ফৰিদাবাদ আৰু বাৰানসী চহৰকো প্ৰদূষিত চহৰ হিচাপে তালিকাভুক্ত কৰা হৈছে৷ প্ৰতিবেদন মতে মুঠ ৯৭ শতাংশ চহৰেই বায়ু প্ৰদূষণৰ পৰা হাত সাৰিব পৰা নাই৷ আনফালে আৰ্থিক দিশৰ পৰা নিম্ন আৰু মধ্য পৰ্যায়ৰ চহৰ সমূহে সংস্থাই বান্ধি দিয়া নিয়ম পালন কৰা নাই বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷ 

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰো দুখন চহৰ ক্ৰমে পেশাৱৰ আৰু ৰাৱলাপিণ্ডী প্ৰথম ২০ টা  স্থানৰ ভিতৰত আছে৷ ভাৰতৰ উত্তৰাঞ্চলৰ নগৰ সমূহেই অধিক সংখ্যক প্ৰদূষিত অঞ্চল হিচাপে চিনাক্ত হৈছে।