গোৰেশ্বৰঃ যি সময়ত শিক্ষা বিভাগে ৮খনকৈ জিলাত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে সেই সময়তে এনে বিদ্যালয়সমূহৰ একাংশৰ জৰাজীর্ণ ৰূপে চৰকাৰী বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।

এফালে গুণোৎসৱ, আনফালে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে ধৰি শৈক্ষিক দুৰৱস্থাই কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত উন্নয়ন সাধিব সেয়া গুৰুত্বপূৰ্ণ বিষয়। বাগসা জিলাৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বাঘডোবা গাঁৱৰ পূব কাউৰবাহা এম ই বিদ্যালয়খনৰ গৃহৰ জৰাজীর্ণ অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠগ্ৰহণত ষথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

১৯৭৮ চনতে চৰকাৰী হোৱা মধ্য ইংৰাজী বিদ্যালয়খনৰ বিদ্যালয়গৃহ আজিকোপতি চৰকাৰে নিৰ্মাণ নকৰোৱাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই শ্ৰেণীসমূহ বাতিল কৰিবলগীয়া পৰিস্থিততিৰ সৃষ্টি হয়। প্ৰায় ৯০জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে কয় যে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো বিভাগীয়ভাৱে বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ বাবে নিৰ্দিষ্ট ধনৰ আবন্টন দিয়া হোৱা নাই।

ফলত বিদ্যালয় গৃহটো জহিখহি যোৱাৰ উপৰি পাঠগ্ৰহণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰে আন্তঃগাঁথনিকে ধৰি সামগ্ৰিক দিশৰ প্ৰতি গুৰুত্ব নিদি কেৱল গুণোৎসৱৰ জৰিয়তে কেনেকৈ চৰকাৰী বিদ্যালয়ৰ উন্নয়ন সাধন কৰিব সেয়া সচেতন ৰাইজৰ বাবে অবুজ সাঁথৰ হৈ পৰিছে।