newsnextone.com | গুৱাহাটীঃ মূল পথটোৰ পৰা গ্ৰাম্য পথটোৰে সোমাই যোৱাৰ পিছতে বাইক চলাব পৰা পৰিৱেশ নাছিল৷ পথটোত ঠায়ে ঠায়ে গাঁত আৰু গাঁত সমূহত আছিল বোকা-পানী৷ তাৰ পিছতে আৰু এটা উপ-পথ৷ উপ-পথটোত বাইক খন নিব পৰা পৰিৱেশেই নাছিল৷ নিশা পাৰ হৈ যোৱা বৰষুণৰ বাবে তেতিয়াও পথটো শুকাই উঠা নাছিল৷ বাইকৰ চকাটো এবাৰ ইফালে আৰু এবাৰ সিফালে টানি নিছিল৷ মাজপথত লগ পোৱা এগৰাকী লোকক সোধা হ’ল আমি বিচাৰি যোৱা পৰিয়ালটোৰ ঠিকনা৷ লোকগৰাকীয়ে এখন পথাৰৰ মাজত দেখুৱাই দিলে, সেইটোৱে আপোনালোকে বিচাৰি অহা পৰিয়ালটোৰ ঘৰ৷ কোনো মতে বাইক খন নি পৰিয়ালটোত উপস্থিত হ’লো৷

পৰিয়ালটোত উপস্থিত হোৱাৰ পিছতে এগৰাকী মহিলাই ওলাই আহি মাত লগালে৷ তেতিয়াই সোধা হ’ল এইটো উজীৰ আলীৰ ঘৰ হয়নে৷ মহিলাগৰাকীয়ে ক'লে হয়৷ তেওঁ ঘৰত আছেনে বুলি প্ৰশ্ন কৰা হ’ল আৰু মহিলাগৰাকীয়ে ক'লে বাৰীত কাম কৰি থকা বুলি৷ চোতালত বহিব দি উজীৰ আলীক মাতিব গ’ল মহিলাগৰাকীয়ে৷ কিছু সময় পিছতেই উজীৰ আলী উপস্থিত হ’ল চোতালত৷ 

তেতিয়াই আমি পৰিচয় দি কলো যে আমি এটা ৱেব ছাইটৰ পৰা আহিছো আপোনাৰ সৈতে কিছু কথা পাতিবলৈ৷ প্ৰথমে উজীৰ আলীৰ কন্যাৰ কথা সোধা হ’ল৷ তেওঁ কন্যাৰ কথা সোধাৰ পিছতেই চকু কেইটা চলচলীয়া হৈ পৰিল৷ চকুলো নিগৰি আহিবলৈ আৰম্ভ কৰিলে৷ কাপোৰেৰে চকুপানী মচি ক'লে তাই সৰুৰে পৰা পঢ়াত ভাল৷ মই তাইক একো সুবিধা দিব নোৱাৰিলো৷ 

তাই নিজেই বহু কষ্ট কৰিলে৷ দুই চাৰিজন মানুহৰ সহায়ত তাই পঢ়া-শুনা কৰি এইবাৰ মেট্ৰিক দিছিল৷ তাই ভালকৈ উত্তীৰ্ণ হৈছে৷ কিন্তু তাই আৰু পঢ়িব নোৱাৰিব চাগে৷ তাই ডাক্তৰ হ’ব বিচাৰে৷ সেই ফালে পঢ়ুৱাব লাগিলে বহু টকা লাগে বুলি শুনিছো। কিন্তু মোৰ এশ টকা তাইৰ নামত খৰছ কৰিব পৰা ক্ষমতা নাই৷ এয়া আছিল একে উশাহতে কৈ পেলোৱা উজীৰ আলীৰ মন্তব্য৷ 

পুনৰ উজীৰে কলে, মই প্ৰতিদিনে হাজিৰা কৰিবলৈ ওলাই যাও৷ তাইৰ পঢ়াৰ খবৰ কোনে দিনে লব নোৱাৰিলো৷ তাই ভালকৈ পঢ়িব পাৰে বুলি খবৰ লাভ কৰি এখন বিদ্যালয়ে তাইক বিনামূলীয়াকৈ পঢ়ায়৷ নহ'লে তাই পঢ়িব নোৱাৰিলে হেতেন৷ আমাৰ ঘৰত বিদ্যুতৰ পোহৰ নাই৷ কেৰাচিন পাবৰ বাবে নাই ৰেচন কাৰ্ড৷ তাই দিনতে পঢ়া শুনা কৰিছিল৷ 

newnextone.comৰ সাংবাদিক যোৱা ২৭ মে’ত বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫নং গোৰেশ্বৰৰ গেৰুৱা নামৰ ঠাইত উপস্থিত হৈছিল৷

২৫ মে’ত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫নং গোৰেশ্বৰৰ গেৰুৱাৰ উজীৰ আলী আৰু চাবজান বেগমৰ দ্বিতীয়া কন্যা ৰিজুমণি বেগমে অসমীয়াত ৮০, ইংৰাজীত ৮০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯১, সমাজ বিজ্ঞানত ৮৪ আৰু হিন্দীত ৭৬ নম্বৰসহ মুঠ ৫০৬ নম্বৰ লৈ উত্তীৰ্ণ হয়। এই খবৰ ফোন যোগে এগৰাকী লোকে newnextone.comক অৱগত কৰে৷ উত্তীৰ্ণ হোৱাৰ খবৰটো দিবলৈ লোকগৰাকীয়ে newnextone.comক ফোন কৰা নাছিল৷ মানুহগৰাকীয়ে ফোন কৰাৰ উদ্দেশ্যে আছিল এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যাই সুখ্যাতিৰে উত্তীৰ্ণ হৈয়ো পঢ়িব নোৱাৰিব নতুবা নামভৰ্তি কৰিবলৈ সুবিধা পালেও নিজ ইচ্ছামতে পঢ়িব নাপাব সেই কথা অৱগত কৰিবলৈ৷
 
তাৰ পিছতে newnextone.comৰ সাংবাদিক গৈ উপস্থিত হৈছিল পৰিয়ালটোত৷ পৰিয়ালটোৰ একমাত্ৰ ঘৰটোৰ খুঁটা সমূহ মাটিয়ে খাই পেলোৱাত ঘৰটো হাউলি যাবলৈ আৰম্ভ কৰিছে৷ চোতালত বন গজিছে চৌদিশে৷ এটাই মাথো ঘৰ পৰিয়ালটোৰ৷ বৰষুণ দিলে পানী পৰা ঘৰটোত পৰিয়ালটোৰ সদস্য কেইজনে থাকে৷ নিতৌ ৰিজুমণিৰ পিতৃয়ে এসাঁজ ভাতৰ বাবে সংগ্ৰাম কৰে৷ পিতৃয়ে দিন হাজিৰা নকৰিলে চৌকাত জুই নজ্বলে। 

ৰিজুমণিয়ে কলে, মোৰ চিকিৎসক হোৱাৰ বৰ ইচ্ছা৷ বিজ্ঞান শাখাত নামভৰ্তি কৰিব খোজো৷ মই ভাল কলেজত পঢ়িব খোজো৷ মই মা-আব্বাৰ সপোন বাস্তৱায়িত কৰিব খোজো৷ চিকিৎসক হ’বৰ বহুত মন আছে৷ এয়া আছিল ৰিজুমণিৰ মন্তব্য।

উল্লেখ্য যে, চাৰিবছৰ বয়সতে ৰিজুমণিক স্থানীয় ৫নং গোৰেশ্বৰ গেৰুৱা স্কুলত নাম লগাই দিছিল পিতৃ উজীৰ আলীয়ে। বিদ্যালয়ত বছৰেকীয়া পৰীক্ষাসমূহত উন্নত ফলাফল দেখুৱাই অহা আৰু উজীৰ আলীৰ পৰিয়ালৰ দুৰৱস্থাৰ কথা দৃষ্টিগোচৰ হৈ গোৰেশ্বৰস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান অংকুৰণ শিশু নিকেতনে তাইক বিনামূলীয়াকৈ পঢ়ায়৷ অংকুৰণ শিশু নিকেতনৰ পৰা পৰীক্ষাত বহি সুখ্যাতিৰে উত্তীৰ্ণ হয় তাই৷

ৰিজুমণিক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ সকলো খৰছ বহন কৰি নৱম শ্ৰেণীৰ পৰা অংকুৰণ শিশু নিকেতনে পঢ়ােৱাত পিতৃ উজীৰে বিদ্যালয় খনকো ধন্যবাদ যাচে৷  চিকিৎসক হোৱাৰ সপোন লৈ থকা ৰিজুমণিৰ আশা পূৰণ কৰাত কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে পিতৃৰ 8486579330 নম্বৰত যোগাযোগ কৰিব পাৰে৷ newnextone.comৰ দায়িত্ব ইমানলৈয়ে আছিল৷ আমি আশা কৰো আপোনালোকে তাইক চিকিৎসক হোৱাত সহায় কৰিব৷

এতিয়া প্ৰশ্ন হয় আমাৰ দেশৰ আৰু ৰাজ্যৰ চৰকাৰে দৰিদ্ৰ খাটিখোৱা শ্ৰমিকৰ সন্তানৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ বাবে সুকীয়া ব্যৱস্থা নকৰে কিয়৷ দৰিদ্ৰ পৰিয়ালৰ মেধা ছাত্ৰ-ছাত্ৰীসকলে আগুৱাই যাব নোৱাৰিলে সমাজ আগুৱাই যাব কেনেকৈ৷ কেৱল ধনীক শ্ৰেণীৰ সন্তানে ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়াৰ লগতে উপযুক্ত শিক্ষা গ্ৰহণ কৰিলে সমাজৰ সকলো শ্ৰেণী আগুৱাই যাব পাৰিবনে।

আনহাতে বিটিএডি কৰ্তৃপক্ষই মডেল বিটিচিৰ কথা কৈ আহিছে যদিও মডেল বিটিচিত দৰিদ্ৰ পৰিয়ালৰ সন্তানে এনেদৰে হাহাকাৰ কৰিবলগীয়া হোৱা বিষয়টো লজ্জাৰ বিষয়৷