কামপুৰঃ বিশ্বৰ ষষ্ঠ ধনী দেশ ভাৰত৷ বিভিন্ন দিশত আগবাঢ়িছে ভাৰত৷ বিশ্বত এতিয়া সকলোৱে জানে ভাৰতক ধনী দেশ বুলি৷ দেশ উন্নতিৰ পথত বুলি কলে বঢ়াই কোৱা নহব৷ শাসকীয় বিজেপি দলে সভাই সমিতিয়ে দেশৰ উন্নয়ন হোৱা বুলি কৈ আহিছে৷ সভাই সমিতিয়ে দিয়া ভাষণ বোৰ শুনিলে এনে লাগে যেন দেশত এতিয়া দৰিদ্ৰ লোকৰ সংখ্যা নাইকিয়া হৈছে৷

কিন্তু প্ৰকৃত ছবি খন তেনেকুৱা নহয় যেন লাগে৷ কিয়নো আজিও দৰিদ্ৰ পৰিয়ালে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ সন্তানক স্কুলৰ পৰিবৰ্তে আনৰ ঘৰত নতুবা হোটেল, উদ্যোগত কাম কৰিবলৈ নিয়োগ কৰে৷ তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ৰাজ্য অসমত এটি দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰাৰ দৰে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ আৰ্থিক দৈন্যতাৰ বাবে দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰাৰ দৰে ঘটনা সংঘটিত হয়৷

জন্মৰ ১ মাহ ১০ দিন পিছতেই সন্তানক বিক্ৰী কৰে এটি দৰিদ্ৰ পৰিয়ালে৷ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বৰপথাৰ মাইচাঙ মাজগাঁৱত। আৰ্থিক দৈন্যতাৰ বাবেই ১৫০০ টকাত নিজ কন্যা সন্তানক বিক্ৰী কৰে পৰিয়ালটোৱে৷ জানিব পৰা মতে, তিনি কন্যা সন্তানৰ পিতৃ-মাতৃয়ে দীর্ঘ দিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল৷ কাম বন কৰিব নোৱাৰা পৰিয়ালটোৱে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷

অৱশেষত ৰোগৰ চিকিৎসা কৰিব নোৱাৰাৰ বাবেই ১৫০০ টকাৰ বিনিময়ত নিজৰ কন্যা সন্তানক বিক্ৰী কৰিব লগা হয়৷ নগাঁও জিলাৰে কামপুৰৰ বুঢাগাঁৱৰ এহাল নিঃসন্তান দম্পতিৰ ওচৰত বিক্ৰী কৰে সন্তানক। এই খবৰ লাহে লাহে পোহৰলৈ অহাত কোনো লোকে চাইল্ড লাইনক খবৰ দিয়ে৷ পিছত আৰক্ষীৰ সহযোগত চাইল্ড লাইনে উদ্ধাৰ কৰে দেৱশিশুটোক।

নিঃসন্তানৰ দম্পতি হালৰ বাসগৃহত কামপুৰ আৰক্ষী উপস্থিতিত চাইল্ড লাইনৰ লোক দেৱশিশুটোক উদ্ধাৰ কৰে। ইফালে চাইল্ড লাইনৰ কৰ্মীয়ে দেৱশিশুটোক লৈ যাব বিচৰাত নিঃসন্তান দম্পতিহালে কান্দোনত ভাঙি পৰে৷ আইন মতে প্ৰয়োজনীয় নথি-পত্ৰ যোগাৰ কৰি দেৱশিশুটোক নিঃসন্তান দম্পতি হালক গতাই দিয়াৰ আশ্বাস দিয়ে চাইল্ড লাইনৰ কৰ্মীয়ে।