কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা ১০ কিলোমিটাৰ উত্তৰে অৱস্থিত বালাজান তিনালীত আজি স্নায়বিক ৰোগত অাক্ৰান্ত হৈ  বৃদ্ধ এগৰাকীয়ে তেওঁৰ বৃদ্ধা পত্নীক কুৱাত পেলাই দি নিজেও কুঁৱাত জপিয়াই পৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ স্নায়বিক ৰোগত অাক্ৰান্ত হৈ এনে পথ বাছি লোৱা বৃদ্ধজন হৈছে বালাজান তিনাালীৰ সৰ্বেশ্বৰ নাথ (৬৮)।

প্ৰাপ্ত বাতৰি অনুসৰি বালাজান তিনাালীৰ সৰ্বেশ্বৰ নাথে বিগত সময়ছোৱাত বালাজান তিনাালী বজাৰতে দৰ্জীৰ কাম কৰি পৰিয়াল পোহপাল দি অাহিছিল। বয়স বাঢ়ি অহা সত্বেও পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত সৰ্বেশ্বৰ নাথে চিলাইৰ কাম অব্যাহত ৰাখিছিল যদিও কিছুদিন পূৰ্বে তেওঁ স্নায়ুৰ ৰোগত অাক্ৰান্ত হয় ।

সু-চিকিৎসা কৰিবলৈ ধনৰ নাটনি হোৱাত মাজে সময়ে ফাৰ্মাচীৰ পৰাই দুই এটা ঔষধ কিনি নি সেৱন কৰে যদিও অাৰোগ্য লাভ নকৰিলে। বেমাৰত অাক্ৰান্ত হোৱা সৰ্বেশ্বৰ নাথে যোৱা দুই-এদিন ধৰি সামান্য অস্বাভাৱিক অাচৰণ কৰিবলৈ ধৰে। অৱশেষত অাজি ধলপুৱাতে পত্নী সহিতা নাথে(৬২) নিত্যকৰ্ম কৰিবলৈ কুঁৱাৰ পৰা পানী উঠাবলৈ লওঁতেই স্নায়বিক ৰোগত অাক্ৰান্ত হোৱা বুলি সন্দেহ কৰা সৰ্বেশ্বৰ নাথে পিছপিনৰ পৰা ঠেলা মাৰি কুঁৱাত পেলাই দিয়ে।

সহধৰ্মীনি সহিতা নাথক কুঁৱাত পেলাই দিয়াৰ পিছমুহুৰ্ততে সৰ্বেশ্বৰ নাথেও কুঁৱাত জাপ দি চিঞৰিবলৈ ধৰে । দুয়োৰে গগন কাতৰ চিঞৰত পৰিয়ালৰ সদস্যকে ধৰি অান একাংশ অাত্মীয় মুহুৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে কুঁৱাৰ পৰা উদ্ধাৰ কৰে।

কুঁৱাত মাথো দুই-তিনিফুট হে পানী থকাত দুয়োজনৰ জীৱন ৰক্ষা পৰে যদিও সহিতা নাথে মূৰত গুৰুতৰভাৱে অাঘাত পোৱাৰ উপৰিও দুয়োজনেই কম বেছি পৰিমাণে বুকু অাৰু পিঠিত অাঘাত পাই সংকটজনক অৱস্থাত কোকৰাঝাৰ অাৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ অাছে ।

অাৰ্থিক দৈন্যতাৰ হেতু চিকিৎসাৰ অভাৱত হতাশগ্ৰস্ত হৈ ৰোগাক্ৰান্ত সৰ্বেশ্বৰ নাথে আজি নিজ পত্নী সহিতা নাথক কুঁৱাত পেলাই দি নিজেও কুঁৱাত জাপ দিয়াৰ কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছত দম্পত্তি হালৰ দুই পুত্ৰ আৰু দুগৰাকীকৈ কন্যাই চিকিৎসালয়তে হুকহুকাই কান্দি থকাৰ দৃশ্য বেদনাদায়ক অাছিল যদিও ঔষধ কিনিবলৈও পইচা নথকা পৰিয়ালটোক কিন্তু কোনেও সহায়ৰ হাত আগবঢ়োৱা দেখা নগ'ল।