ডিজিটেল ডেস্কঃ জন্মু আৰু কাশ্মীৰত এতিয়া সকলো ফালে পোষ্টাৰিঙ৷ সেনা অফিচাৰ উমৰ ফয়াজৰ তিনি হত্যাকাৰীৰ পোষ্টাৰিঙেৰে হিজবুল মুজাহিদিন আতংকবাদীৰ সন্ধানত নামি পৰিছে আৰক্ষী৷ সুৰক্ষা এজেন্সীয়ে প্ৰকাশ কৰিছে যে এই হত্যাকাণ্ডৰ মাষ্টৰমাইণ্ড পুৰ্বতেও এক হত্যাকাণ্ডত জড়িত আছিল৷

সেনা বিষয়া উমৰ ফায়েজৰক সোমবাৰে ৰাতি হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে৷ তদুপৰি মৃত্যুৰ পুৰ্বে সেনা জোৱানজনক নৃশংস অত্যাচাৰ কৰিছিল সন্ত্ৰাসবাদীয়ে৷ বুধবাৰে পুৱা জোৱানজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দেশজুৰি বিষয়টো চৰ্চিত হৈছিল।