গুৱাহাটীঃ সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিব৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷

অসম চুক্তিৰ স্বাক্ষৰকাৰী দুই আছু নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মাই যুটীয়া সংসদীয় সমিতিক প্ৰথম সাক্ষ্য দিব৷ 
পুৱাই খানাপাৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মাই৷ দুয়োগৰাকী অসম চুক্তিৰ স্বাক্ষৰকাৰী দুয়োজনেই প্ৰথমে সাক্ষ্যদান কৰিব বুলি জানিব পৰা গৈছে৷

অসম গণ পৰিষদ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে অগপৰ হৈ স্মাৰকপত্ৰ দিব যুটীয়া সংসদীয় সমিতিক৷