গুৱাহাটীঃ ভাষণ মাজতে চকুলো টুকিলে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷ প্ৰায় চাৰি বছৰ পূৰ্বে বিটিএডিৰ বিভিন্ন ঠাইত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনা কৰি শিশু-মহিলা হত্যা কৰাৰ ভয়াবহ ছবি খন বৰ্ণনা কৰিবলৈ গৈ ভয়লগা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি বন মন্ত্ৰীগৰাকীয়ে চকুলো টুকি আবেগিক হৈ পৰে৷ বিটিএডিত উগ্ৰপন্থীয়ে নিৰীহক হত্যা কৰাৰ কথা স্মৰণ কৰি ফেঁকুৰি উঠে প্ৰমিলাই৷ বি টি এ ডিত বহু নিৰীহ লোকে প্ৰাণ দিব লগা হৈছে। বহু শিশু অনাথ হৈছে।

মাতৃৰ কোলাত গাখীৰ খাই থকা অৱস্থাত উগ্ৰপন্থীয়ে মাতৃক হত্যা কৰিছে। এনে শিশু সকলক অনাথ আশ্ৰমত ৰাখি এটা নতুন জীৱন দিয়াৰ চেষ্টা কৰিছো বুলি কৈ মন্ত্ৰীগৰাকীয়ে চকুলো টুকে। দেওবাৰে গুৱাহাটী মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অল আছাম জাৰ্নেলিষ্ট এছ'চিয়েছনৰ উদ্যোগত অনুষ্ঠিত এখন বিশেষ সম্বৰ্ধনা সভাত অংশ লৈ আবেগিক হৈ পৰে বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই৷ চকুলো টুকি ভাষণ সমাপ্ত কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষই।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰেণ্ড মেজেষ্টিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত সভা খনত সমাজৰ হিতৰ বাবে কাম কৰি অহা বিশিষ্ট লোকক সম্বৰ্ধনা জনাই সাংবাদিক সংগঠনটোৱে৷ বিশিষ্ট শিক্ষাবিদ ড০ দিলীপ বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক কণকসেন ডেকা, জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰাই।

ৰাজ্যৰ পৰিৱেশ আৰু বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, দহৰ মংগলৰ বাবে নিজা প্ৰচেষ্টাত আশ্ৰম চলাই থকা সাংবাদিক মজিবুৰ ৰহমান, শিক্ষাৰ ক্ষেত্ৰত যোগোৱা অৰিহনাৰ বাবে ৰেক্টৰ ৰণজিত ডেকা, সামাজিক ক্ষেত্ৰত নেকিবুৰ জামাল, যুগল কিশোৰক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী শ্বহীদ সাংবাদিক পৰিয়ালৰ সদস্য উপস্থিত থকাৰ লগতে প্ৰায় অৰ্ধ শতাধিক সাংবাদিক উপস্থিত থাকে।

অনুষ্ঠানটো সাংবাদিক সকলৰ সমস্যাৰ ওপৰতো অতিথি সকলে ভাষণ আগবঢ়ায়। বিশিষ্ঠ সাংবাদিক তফিকুদ্দিন আহমেদে পৰিচালনা কৰা অনুষ্ঠানটোত শ্বহীদ সাংবাদিকসকলৰ জীৱন-কৰ্ম সংৰক্ষণ কৰাৰ বাবে এখন দিনপঞ্জী প্ৰস্তুত কৰি শ্বহীদসকলৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে।