নতুন দিল্লীঃ আম আদমী পাৰ্টীৰ লগতে দিল্লীবাসীক শুভেচ্ছা জনাইছে বৰ্তমানৰ ভাৰতীয় ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে। তৃতীয়বাৰৰ বাবে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক চৰকাৰ গঠনৰ সুযোগ দিয়া বাবে দিল্লীবাসীক বিশেষভাৱে ধন্যবাদো জ্ঞাপন কৰে নেতাজনে।  

"ধন্যবাদ দিল্লীবাসী, এই জয়ে ভাৰতবৰ্ষৰ আত্মাক ৰক্ষা কৰিব।"-বিজেপিৰ সকলো চেষ্টাক একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হোৱা আপক টুইটযোগে এইদৰে শুভেচ্ছা জনোৱাৰ লগতে মঙলবাৰে কেজৰিৱালকো সাক্ষাৎ কৰে প্ৰশান্ত কিশোৰে।

উল্লেখ্য যে ২০১৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছিল প্ৰশান্ত কিশোৰে। 'চায় পে চৰ্চা’কে আদি কৰি প্ৰশান্ত কিশোৰৰ একাধিক ব্যতিক্ৰমী প্ৰচাৰ কৌশলৰ বাবে উক্ত নিৰ্বাচনত অনায়াসে বিজয় সাব্যস্ত কৰে বিজেপিয়ে।

২০১৫ বৰ্ষলৈ বিজেপিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা ৰণনীতি প্ৰস্তুতকৰ্তাজনে পৰৱৰ্তী সময়ত বিজেপিৰ কিছু কাৰ্যকলাপত ক্ষোভিত হৈ উক্ত দায়িত্বৰ পৰা আঁতৰি আহে। ইয়াৰ পিছতে তেওঁ জড়িত হৈ পৰে নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেডৰ সৈতে। ২০১৫ত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰশান্তে নিৰ্বাচনী ৰণনীতি যুগুত কৰি বিজয়ী কৰাইছিল জেডিইউ আৰু আৰজেডিৰ মিত্ৰজোঁটক।

বিগত বৰ্ষত সমগ্ৰ দেশকে প্ৰতিবাদমুখৰ কৰি তোলা নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ প্ৰতি জনতা দল ইউনাইটেডে সমৰ্থন আগবঢ়োৱাৰ পিছতে উক্ত দলো ত্যাগ কৰে ৰণনীতি প্ৰস্তুতকৰ্তাৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰা নেতাজনে।

আম আদমী পাৰ্টীৰ সৈতে পোনপটীয়াকৈ কোনো সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলেও ২০১৫ চনৰ নিৰ্বাচনত দলটোৱে সাব্যস্ত কৰা বৃহৎ জয়ৰ আঁৰতো প্ৰশান্ত কিশোৰ থকা বুলি বহুতে মন্তব্য কৰাৰ পিছত এইবাৰ মুকলিকৈ দলটোৰ সমৰ্থনত নামি পৰে তেওঁ। আনকি কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাতো আপৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে দেখা গৈছিল প্ৰশান্ত কিশোৰক।

তাৎপৰ্যপূৰ্ণ যে এতিয়ালৈকে নেপথ্যত থাকি প্ৰশান্ত কিশোৰে যিকেইটা দলৰ হৈ ৰণনীতি যুগুত কৰিছে সেই আটাইকেইটা দলেই চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছে। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পিছত তেওঁৰ উল্লেযোগ্য সফলতা হৈছে বিহাৰ, পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন।