কামপুৰঃ কোনো কাৰণতে বহিৰাগত প্ৰতিষ্ঠানৰ হাতত গতাই দিবলৈ দিয়া নহ'ব কামপুৰৰ চেনীকল। কামপুৰ উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত শনিবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি এই হুংকাৰ প্ৰদান কৰে কামপুৰ-নগাঁও সমবায় সুৰক্ষা সমিতিয়ে।

সংবাদ মেলত সুৰক্ষা সমিতিয়ে বহিৰাগত বণিয়াক চেনীকল বিক্ৰীৰ পৰিৱৰ্তে স্থানীয় প্ৰতিষ্ঠানক প্ৰদান কৰিবলৈ দাবী জনায়। কামপুৰস্থিত নগাঁও সমবায় চেনীকলটো বিগত পোন্ধৰ বছৰ ধৰি বন্ধ হৈ থকাত পোন্ধৰ বছৰীয়া শাসন কালত কংগ্ৰেছ চৰকাৰখনে পুনৰ চেনীকলটো উৎপাদনক্ষম কৰা হ'ব বুলি আশ্বাস দিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে। সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে কামপুৰ চেনীকল সুৰক্ষা সমিতিৰ সম্পাদক মোলান লস্কৰে।

সম্পাদক লস্কৰৰ আৰু কয় যে কংগ্ৰেছৰ অসাৰ প্ৰতিশ্ৰুতিৰ পিছত এতিয়া ৰাজ্যৰ বিজেপি চৰকাৰখনে কামপুৰস্থিত নগাওঁ সমবায় চেনীকলটো বহিৰাগত বণিয়াক বিক্ৰীৰ যো-জা চলাইছে। চেনীকল সুৰক্ষা সমিতিৰ দাবী স্থানীয় প্ৰতিষ্ঠান জেষ্ট গ্ৰীণ এনাৰ্জীক প্ৰদান কৰি কাৰ্যক্ষম কৰিব লাগে চেনীকলটো।

সংবাদ মেলত চেনীকল সুৰক্ষা সমিতিৰ সভাপতি কমলেশ্বৰ গোঁহাইকে ধৰি বহু কেইজন সদস্য উপস্থিত থাকে। আনহাতে নগাঁও চেনীকল সুৰক্ষা সমিতিয়ে কামপুৰ চেনীকল স্থানীয় প্ৰতিষ্ঠানক প্ৰদান নকৰি বহিৰাগত প্ৰতিষ্ঠানক বিক্ৰী কৰিলে পৰিণতি ভয়াবহ হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে।