newsnextone.com | খেৰণিঃ দেওবাৰ কাৰ্বি আংলং জিলাত বসবাস কৰা হিন্দী ভাষী লোকসকলে এখন সংবাদ মেল অনুষ্ঠিত কৰি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু এনআৰচিৰ পৰা বাদ পৰা ৪০ লাখ লোকক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কোৱা নেতাসকলক তীব্ৰ সমালোচনা কৰে। সংবাদ মেলত কেইবাগৰাকী হিন্দী ভাষী নেতাই তেওঁলোকে প্ৰকৃত ভাৰতীয় বুলি দাবী কৰি ১৯৭১ চনৰ আগৰ নথি দিয়াৰ পিছতো তেওঁলোকৰ নামবোৰ বাদ পৰা বুলি ক্ষোভ উজাৰে।

এনআৰচিৰ খচৰা সম্পূৰ্ণ শুদ্ধ ভাৱে প্ৰকাশ পোৱা নাই বুলি কৈ ব্যাপক আসোঁৱাহ থকাৰ কথা প্ৰকাশ কৰে কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সংগঠন আৰু হিন্দী ভাষী সংস্থাই। হিন্দীভাষী সংস্থাৰ নেতা ৰাজকুমাৰ চৌহান, ৰাম জনম চৌহান, ত্ৰিলোকি তিৱাৰী আৰু হিন্দীভাষী ছাত্ৰ নেতা শিৱজি চৌহান, অশোক চৌহানে বিজেপিৰ নেতাসকলক উভতি ধৰি ৪০ লাখ লোক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ অহাত দুখ পোৱা বুলি কয়।

তেওঁলোকে কয় যে দিল্লীত বহি ৪০ লাখ লোক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ আহিছে। অসম চৰকাৰে বাদ পৰা লোকসকলৰ কথা স্পষ্ট নকৰাৰ বাবেই এই কথা কৈ আহিছে দিল্লীৰ নেতাসকলে। চূড়ান্ত খচৰাৰ পাৰ বাদ পৰা ৪০ লোক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কলে আমাৰ বহু দুখ লাগে। ৪০ লাখৰ কাৰোবাৰ পিতাৰ নাম আহিছে কাৰোবাৰ পুত্ৰৰ নাম অহা নায়। লিগেচী দিয়াৰ পিছতো আমাৰ নাম নহাত বহুত দুখ লাগে। এনে পৰিস্থিতিত আমাক যদি অবৈধ অনুপ্ৰৱেশকাৰী বুলি কয় তেন্তে দুখ লাগে। আমি প্ৰকৃত ভাৰতীয় হয়। এনআৰচিৰ কামত গাফিলতি হৈছে। গভীৰ ভাৱে লৈ কাম কৰা হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে।

 পশ্চিম কাৰ্বি আংলঙৰ মাইলুত হিন্দী ভাষী ছাত্ৰ সন্থা আৰু হিন্দীভাষী সংস্থাই যুটীয়াভাৱে সংবাদ মেল আয়োজন কৰি কয় যে এনআৰচিৰ অতি জৰুৰী বুলি কৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰু প্ৰতীক হাজেলাৰ তত্বাৱধানত প্ৰক্ৰিয়াক আদৰণি জনাইছো কিন্তু প্ৰকৃত ভাৰতীয় তথা বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা আহি কাৰ্বি আংলঙত বসবাস কৰা নাগৰিকসকলে বিশেষকৈ বিহাৰী হিন্দীভাষী সকলে প্ৰয়োজনীয় নথি পত্ৰ দিয়াৰ পিছতো এনআৰচিত নাম অন্তৰ্ভুক্ত নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে। 

১৯৭১ চনৰ ৩১ মাৰ্চৰ আগৰ নথি পত্ৰ বিহাৰ উত্তৰ প্ৰদেশৰ পৰা অনাৰ বিপৰীতে বহুত লোকে অসমৰে গাঁও পঞ্চায়ত বা কাৰ্বি আংলঙৰ চৰকাৰী গাঁওবুঢ়া সকলে প্ৰদান কৰা প্ৰমাণ পত্ৰ জমা দিছিল। কিন্তু তেওঁলোকৰ নাম সমূহ প্ৰকাশ নাপালে। বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানা এলেকাত বসবাস কৰা বিহাৰী তথা হিন্দীভাষী লোকক NRCপৰা বঞ্চিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। জেংখা, খেৰণি আৰু হাৱাইপুৰৰ সেৱা কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে তেনে ঘটনা সংঘাটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে নেতাসকলে।