চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ ছাত্ৰী আৱাস নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰি আহিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। দীৰ্ঘদিন ধৰি সংগঠনটোৱে মহাবিদ্যালয় খনত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাত প্ৰশাসনে তদন্ত ঘোষণা কৰিছিল যদিও ব্যাপক ধনৰ বুজাবুজিৰে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিয়ে আজি এক বিবৃতি যোগে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে বিগত সময়ছোৱাত মহাবিদ্যালয়খনৰ উন্নয়নৰ নামত বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পূঁজিৰ ব্যৱহাৰত বিয়াগোম কেলেংকাৰীৰে মহাবিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে উন্ননয়ৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়াৰ অভিযোগ উত্থাপন কৰে৷

মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ লগতে অন্যান্য কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ বাবেই ডি ডি আৰ মহাবিদ্যালয়খনিয়ে ২০০৫ বৰ্ষত NAACৰ Grade-B লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে বিভিন্ন সময়ত আগবঢ়াইছিল অনুদান। এনে বহু অনুদানৰ ভিতৰত মহাবিদ্যালয়খনৰ ছাত্ৰী-আৱাস নিৰ্মাণৰ বাবে অহা ৪০ লাখ টকাৰ অনুদানৰ পুঁজিৰে আৰম্ভ হোৱা ছাত্ৰী-আৱাসগৃহ নিৰ্মাণৰ কাম যোৱা ৭টা বছৰে চলি থকাৰ পিছতো আজিলৈকে সম্পূৰ্ণ নহল বুলি অভিযোগ কৰে সংগঠনটোৱে। ইপিনে আৱাসগৃহৰ অধ্যক্ষগৰাকীৰ তত্বাৱধানত নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে ভৱনটোৰ দেৱালসমূহ ফাট মেলি খহিবলৈ আৰম্ভ কৰা বুলি কয়।

সংগঠনটোৰ আন্দোলনৰ ফলত যোৱা ১৭ জুনত সংগঠনটোৱে প্ৰশাসনে সেওঁ মানি অৱশেষত জিলা উপায়ুক্তই ২০১৭ চনৰ ২৬ জুনত তদন্ত ঘোষণা কৰি ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবাদন প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ১৫ দিন বাদ দিয়ক ৩ মাহ উকলি যোৱাৰ পিছতো তদন্তৰ প্ৰতিবেদন প্ৰশাসনে দিব নোৱাৰাত ১২ টাকৈ সংগঠনে চাবুৱাৰ চাৰিআলিত আমৰণ অনশনৰ কাৰ্যসূচী লবলৈ বাধ্য হৈছিল। অনশন কাৰ্যসূচীৰ প্ৰতি সহাৰি জনাই চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ লগতে সংগঠনকেইটাৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত যোৱা ২৯ নৱেম্বৰত আলোচনাত মিলিত হয় সংগঠনকেইটাই।

আলোচনাত বিধায়কগৰাকীক তথ্য সহকাৰে সকলো অনিয়ম অৱগত কৰাত বিধায়কগৰাকীয়ে আলোচনাত উপস্থিত থকা তদন্তকাৰী বিষয়াজনক এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে সদায় ৰাইজৰ লগত থাকিম বুলি কৈ দুৰ্নীতিকাৰীসকলক একপ্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিছিল। কিন্তু সকলো যেন ফুটুকাৰ ফেনলৈ পৰিণত হ'ল। ১ মাহ বাদ দিয়ক দুমাহ পাৰ হৈ যোৱাৰ পিছতো তদন্তৰ একো উত্তৰ নাপাই সংগঠনকেইটাই পুনৰ আন্দোলনৰ হুংকাৰ দিয়াত তদন্তৰ প্ৰতিবেদন দাখিল কৰি ভৱন নিৰ্মাণত অনিয়ম হোৱা নাই বুলি তদন্তকাৰী বিষয়াই প্ৰতিবেদনত উল্লেখ কৰে৷ যাৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো। চৰজমিন তদন্ত নকৰাকৈয়ে তদন্তকাৰী অভিযন্তাই অধ্যক্ষৰ সৈতে গোপন বুজাবুজিৰে ভৱনটোৰ নিৰ্মাণত অলপো অনিয়ম হোৱা নাই বুলি প্ৰতিবেদন দিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই।

যদি ভৱনটোত নিৰ্মাণত অলপো অনিয়ম সংঘটিত হোৱা নাছিল তেন্তে ভৱনটো কিয় ছিৰাল ফাট মেলি এৰিবলৈ আৰম্ভ কৰিছিল বুলি প্ৰশ্ন কৰে। অভিযন্তাগৰাকীয়ে চৰজমিন তদন্ত নকৰাকৈয়েই তদন্ত সামৰিলে সেই কথাতেই স্পষ্টকৈ প্ৰমাণ হৈ পৰে বুলি কয় সংগঠনকেইটাই। অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনত আৰু বহু অনিয়ম সংঘটিত হৈ আহিছে বুলি আভিযোগ উত্থাপন কৰি কয় যে যদি অধ্যক্ষই একো ভূল কৰা নাই তেন্তে তথ্য জনা অধিকাৰ আইনৰ যোগেদি বিচৰা তথ্যসমূহ কিয় নিদিলে বুলি প্ৰশ্ন উত্থাপন কৰে। যদি সৎ সাহস আছে তেন্তে তথ্যসমূহ দিয়ক। সংগঠনটোৱে বিবৃতিটোত কয় যে এই বিষয়টোৰ ওপৰত পুনৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক৷ দুৰ্নীতিৰ বিৰুদ্ধে মুখত নহয় হাতে কামে লাগিবলৈ অনুৰোধ জনায়।