newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছক৷ শনিবাৰে জয়পুৰত অনুষ্ঠিত কৰা যোজনাৰ লাভৰ বাবে সংবাদ শীৰ্ষক অনুষ্ঠানত কেইবা হাজাৰ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজ, ৰাজ্যপাল কল্যাণ সিঙৰ উপস্থিতিত মোডীয়ে ২১০০ হাজাৰ কোটি টকাৰ উন্নয়নৰ আঁচনি উপহাৰ দিয়া বুলি কৈ ১৩ খন চহৰৰ বিশেষ বিশেষ আঁচনিৰ শিলান্যাস কৰে জয়পুৰৰ পৰাই৷ মোডীয়ে ১২টা বিশেষ আঁচনিৰ লাভালাভ সন্দৰ্ভত বিভিন্ন লোকৰ অনুভৱৰ ভিডিঅ’ ৰাজহুৱা কৰে৷

মোডীয়ে কয় যে ৰাজস্থানত নেতাৰ নামত শিল লগোৱাৰ প্ৰতিযোগিতা হৈছিল৷ এতিয়া কোনো বস্তুৱে ৰৈ নাথাকে আৰু ৰৈ নাথাকিব৷ প্ৰকৃতি, খাদ্য উৎপাদন, ৰাষ্ট্ৰ ৰক্ষাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ৷ ৰাজস্থান ঐতিহাসিক কালৰ পৰাই দেশৰ প্ৰেৰণা হৈ আছে৷ 

ইমানে নহয় মোডীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি কয় যে কংগ্ৰেছক আজিকালি কিছুমান লোকে ‘বেল গাড়ী’ (গৰু গাড়ী) বুলি কয়৷ কিয়নো বহু দ্বিগজ নেতা বেলত (জামিন) আছে৷

২০২২ চনক কৃষকৰ আয় দুগুণ কৰা হ’ব৷ এইবাৰ কৃষকক হেল্ড কাৰ্ড দিয়া হৈছে৷ বহু বছৰৰ মূৰকত বহু ভাল উৎপাদন হৈছে৷ মোডীয়ে চৰকাৰৰ ওপৰত জনতাৰ হেঁচা থাকে বুলি কৈ পূৰ্বৰ চৰকাৰে ৰাজকোষ উদং কৰি থৈ যোৱা বুলও কয়৷