কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা কাৰাগাৰত অাজি এজন কয়দীয়ে দিন দুপৰতে কাৰাগাৰৰ বাৰান্দাত চিপ লৈ অাত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্য অাৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দিনদুপৰতে কাৰাগাৰতে অাত্মহত্যা কৰা কয়দীজনক জিলাখনৰ কচুগাঁও থানাৰ অন্তৰ্গত গৰুফেলা, ১ নং পানবাৰীৰ দীনেশ চন্দ্ৰ ৰায়(৪৫) বুলি চিনাক্ত কৰা হৈছে ।

অাাজি কাৰাগাৰত অাত্মহত্যা কৰা দীনেশ চন্দ্ৰ ৰায়ৰ দুই পুত্ৰ ক্ৰমে গোপাল ৰায় অাৰু গোৱিন্দ ৰায়ে সংবাদমাধ্যমৰ অাগত সদৰী কৰা মতে যোৱা ৯ জানুৱাৰীৰ নিশা তেওঁলোকৰ মানসিক বিকাৰগ্ৰস্ত পিতৃ দীনেশ চন্দ্ৰ ৰায়ে তেওঁলোকৰ মাকক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। দীনেশে পত্নীক হত্যা কৰাৰ পিছতে পৰিয়ালৰ লোকে গাওঁৱাসীৰ সহযোগত দীনেশক অাটক কৰি গৰুফেলা অাৰক্ষী চকীত গতাই দিয়ে।

অাৰক্ষীয়ে এক গোচৰ ৰজু কৰি হত্যাত অভিযুক্ত দীনেশক কোকৰাঝাৰ জিলা ন্যায়িক দণ্ডাধীশৰ অাদালতত হাাজিৰ কৰায় অাৰু অাদালতে বিচাৰধীন বন্দী হিচাপে জিলা কাৰাগাৰলৈ চালান দিয়ে। পৰিয়ালৰ লোকে সদৰি কৰা মতে দীনেশ চন্দ্ৰ ৰায় পূৰ্বৰে পৰা মানসিক ৰোগী আৰু উচ্চ ৰক্তচাপজনিত ৰোগী হিচাপে চিকিৎসা সেৱা গ্ৰহন কৰি অাহিছিল অাৰু সেয়েহে কাৰাগাৰ অধীক্ষকক দীনেশ চন্দ্ৰ ৰায়ে গ্ৰহন কৰা চিকিৎসা সেৱাৰ সম্পূৰ্ণ নথি-পত্ৰ জমা দিছিল।

কিন্তু অাজি হঠাতে পৰিয়ালৰ লোকে দীনেশৰ অাত্মহত্যাৰ বাতৰি লাভ কৰি হতবাক হৈ পৰে অাৰু এয়া কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাতে সংঘটিত হোৱা এক ঘটনা বুলি অভিহিত কৰি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে। কাৰাগাৰত থকা অৱস্থাত উপযুক্ত চিকিৎসা সেৱা লাভ কৰা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি অাত্মহত্যাৰ বাবে কাৰাগাৰৰ ভিতৰত ৰছী কত পালে বুলি প্ৰশ্ন উত্থাপন কৰি দিন দুপৰতে কাৰাগাৰতে অাত্মহত্যাৰ ঘটনা সংঘটিত হোৱাটো চৰম নিৰাপত্তাহীনতা বুলি মন্তব্য প্ৰকাশ কৰে।

উল্লেখ্য যে কোকৰাঝাৰ জিলা কাৰাগাৰত অনিয়ম, অনীতিৰ অভিযোগ উত্থাপন কৰি কিছুদিন পূৰ্বে স্বয়ং জিলা ন্যায়িক দণ্ডাধীশে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল। কোকৰাঝাৰ জিলা কাৰাগাৰত সংঘটিত হোৱা অাত্মহত্যাৰ ঘটনাক লৈ কাৰাগাৰ অধীক্ষকৰ দায়বদ্ধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে ।