♦ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল’লে ছোনিয়া তনয়াই

নতুন দিল্লীঃ পৰৱৰ্তী নিৰ্বাচন অহা মে’ মাহত হোৱাৰ সম্ভাৱনা আছে৷ এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ কংগ্ৰেছে ব্ৰহ্মাস্ত্ৰ হিচাপে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক সক্ৰিয় ৰাজনীতিলৈ আনি উত্তৰ প্ৰদেশৰ পূব অঞ্চলৰ দায়িত্বৰে প্ৰদান কৰিছে৷

উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ দুই জনপ্ৰিয় মুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ৰাজনৈতিকভাৱে মোকাবিলা কৰিবৰ বাবে প্ৰিয়ংকাৰ ৰাজনীতিত প্ৰৱেশ আছিল দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ 

প্ৰিয়ংকাক দায়িত্ব প্ৰদান কৰি কংগ্ৰেছৰ সভাপতি বাহুল গান্ধীয়ে কয় যে উত্তৰ প্ৰদেশলৈ ভগ্নী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াক দুই-এমাহৰ বাবে পঠিওৱা নাই, ৰাজ্যখনত কংগ্ৰেছক জনপ্ৰিয় কৰাৰ দায়িত্ব দিয়া হৈছে৷  

৪৭ বছৰ বয়সীয়া প্ৰিয়ংকাক দলটোৰ একাংশই বহু পূৰ্বৰেপৰা ৰাজনীতিলৈ আনিবৰ বাবে চেষ্টা চলাই আছিল যদিও তেওঁ স্বামীৰ ব্যৱসায় চোৱাচিতাত ব্যস্ত আছিল৷ অৱশ্যে প্ৰিয়ংকাই ২০১৪ৰ লোকসভা নিৰ্বাচনত মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুলৰ সমষ্টি ক্ৰমে ৰায়বেৰেলি আৰু আমেথিত সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল৷

প্ৰিয়ংকাই সক্ৰিয় ৰাজনীতিত যোগদানে দলটোৰ উত্থানত কিদৰে সহায় কৰে সেয়া সময়েহে ক’ব৷