The Telegraph
The Telegraph

তুলসীবাৰীঃ হত্যা, হিংসা, ধৰ্ষণ, অন্যায়, অবিচাৰ অবিশ্বাস আদিৰে সমগ্ৰ বিশ্বতে এক অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে৷ মানুহে মানুহক অবিশ্বাস, আক্ৰমণ, সংঘাত কৰি অহাৰ ফলত পৃথিৱীত এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷

পৃথিৱী খনলৈ শান্তি ঘুৰাই অনাৰ লক্ষ্যৰে ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিছেন্নালাত হিত সাধিনি সংঘই অহা ২১-২৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰিব মহাবিষ্ণু যজ্ঞ। ৬৯ সংখ্যক মহাবিষ্ণু যজ্ঞ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে নাগাৰা নাম পৰিৱেশন কৰিব ৰামচৰণ ভড়ালী আৰু চণ্ডীচৰণ পাটোৱাৰীয়ে।

দ্বিতীয় দিনা নাগাৰা নাম, স্মৃতি তৰ্পণ, স্মৃতি বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে তৃতীয় দিনা নিশা বিষ্ণুজ্যোতি নাট্য গোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰিব। নাগাৰা নাম পৰিৱেশন কৰিব বনজিত ডেকা আৰু তৰুণ কাকতীয়ে। পঞ্চম দিনা সন্ধিয়াৰ পৰা সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ৭ হাজাৰ, ৫ হাজাৰ আৰু ৩ হাজাৰ টকা প্ৰদান কৰিব। আনহাতে সাংস্কৃতিক কাৰ্যসূচীত কণ্ঠশিল্পী কুসুম কৈলাশ আৰু সুবাসনা দত্তই উপস্থিত থাকিব।