• হিমন্ত বিশ্ব শৰ্মা লেই-লেই ছেই-ছেই ধ্বনিৰে উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ 

ডিব্ৰুগড়ঃ চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক ফেডাৰেচন, বিপ্লৱী যুৱ সংস্থা, নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন, নিখিল ভাৰত যুৱ ফেডাৰেচন আৰু সদৌ ভাৰত ছাত্ৰ সংস্থাৰ উদ্যোগত আজি নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত সহস্ৰাধিক লোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। 

প্ৰতিবাদীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,সৰ্বা-হিমন্ত কেতিয়াৰ পৰা বাংলাদেশী প্ৰেমত পৰিল জবাব লাগে জবাব দিয়ক, সৰ্বা-হিমন্তই কেতিয়া বালাদেশীক i love you ক'লে জবাব লাগে জবাব দিয়ক, সাম্প্ৰদায়িক মন্তব্য দিয়া হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই আদি ধ্বনিৰে সমগ্ৰ চাবুৱা অঞ্চল উত্তাল কৰি তুলে।

 

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ডি ৱাই ফাইৰ কেন্দ্ৰীয় সদস্য ৰিতুৰঞ্জন দাস, ৰাজ্যিক সদস্য সৌৰভ গগৈ, ডিব্ৰুগড় জিলাৰ সভাপতি ধ্ৰুৱ গোঁহাই, তিনিচুকীয়া জিলাৰ সম্পাদক জিতু দত্ত, চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি সিদ্ধাৰ্থ বৰা, সম্পাদক নয়নজ্যোতি গোঁহাই, এছ. এফ. আইৰ ডিব্ৰুগড় জিলাৰ সম্পাদক শান্তনু গোঁহাই, চাবুৱা আঞ্চলিকৰ সভাপতি ৱাছিম খান, ভাৰপ্ৰাপ্ত সম্পাদক বিকাশজ্যোতি গগৈ, আৰ. ৱাই. এৰ পানীতোলা আঞ্চলিকৰ সভাপতি ৰাজু ভূমিজ, সম্পাদক বিষ্ণু তাঁতি, এ. আই. এছ. এৰ কেন্দ্ৰীয় সদস্যা বিশাল কল উপস্থিত থাকে।