খেৰণিঃ ইনচান কে ল্যিয়ে কানুন হ্যোতাহে৷ আদালত হ্যোতা হে৷ লাঠি, পানী, গেছ কুছ ন্যেহি ইস্তেমাল ক্যায়া? চিধা গুলী চ্যালায়ে৷ এতিয়া ডিমাচা জনগোষ্ঠীৰ পুৰুষ-মহিলাৰ মুখে মুখে এই মন্তব্য৷ শনিবাৰে পুনৰ ৰাজ পথলৈ ওলাই আহি ডিমাচা জনগোষ্ঠীৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলাখনৰ দিয়ুংব্ৰাৰ ৰাজপথত হাজাৰ হাজাৰ লোক ওলাই আহি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। পৰম্পৰাগত ডিমাছা জাতীয় উৎসৱ-আনন্দ সকলো এৰি ৰাজপথলৈ ওলাই আহি মাইবং কাণ্ডত নিহত যুৱকৰ ন্যায় বিচাৰে।

আৰ এছ এছৰ নেতা জগদম্বা মল, জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দিয়ুংব্ৰাত শনিবাৰেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ডিমাচা মাতৃ সমাজে আমি কেতিয়াও ক্ষান্ত নহও বুলি কয়৷ ডিমাচা মাতৃ কেতিয়াও ক্ষান্ত নহও বুলি কৈ পুত্ৰ হেৰুওৱাৰ বেদনা কিমান ডিমাচা মাতৃয়ে জানে৷ DC নহলে চলিব আমাৰ জিলা৷ আমি DC নহলেও চলিব পাৰিম৷ এই DCক কপিলী নৈ পাৰ কৰি দিব লাগিব৷ ডিমাচা জনগোষ্ঠীৰ মহিলাই এই মন্তব্য আগবঢ়ায় জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক বদলি কৰাৰ দাবী জনায়৷ ডিমাচা জনগোষ্ঠীৰ নাৰীয়ে আমি ডিমাচা বাবে আমাক এলাগী কৰা হয়৷

আমিটো অসমৰ সৈতে থাকিব বিচাৰিছো৷ আমাক আজিও আকোৱালি লোৱা নাই যেন লাগে বুলি মতপোষণ কৰে৷ গণ ৰাজ্য দিৱসৰ এদিন পূৰ্বে পাৰ্বত্য জিলা ডিমা হাচাওক নাগালিমত অন্তৰ্ভুতি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হয় ডিমাচাসকলে৷ পাহাৰীয়া জিলাখনত হিংসাত্মক ঘটনা-প্ৰতিবাদৰ সূত্ৰপাত ঘটাই নাগালিমত অন্তৰ্ভুতিৰ খবৰে। আৰ এছ এছৰ উত্তৰ-পূৱৰ সাংগঠনিক দায়িত্বত থকা জগদম্বা মলৰ বিতৰ্কিত মন্তব্য তথা ডিমা হাচাওক নাগালেণ্ডৰ অন্তৰ্ভুক্তীকৰণৰ চেষ্টাৰ প্ৰতিবাদত যোৱা ৭০ ঘন্টা উত্তাল হৈ আছে ডিমা হাছাওৰ বিভিন্ন প্ৰান্ত।

অশান্ত ডিমা হাচওত শনিবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন প্রান্তত। আনহাতে, মাইবং কাণ্ডৰ পাছতেই ধাৰাবাহিক আন্দোলনত সেও মানি অৱশেষত ডিমা হাছাওবাসীৰ দাবী মানি লয় চৰকাৰে। প্ৰস্তাৱিত বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত নহয় ডিমা হাছাওৰ ভূমি আৰু ডিমা হাছাওৰ ভূমি আন কোনো স্বায়ত্ত শাসিত পৰিষদলৈ নাযায় বুলি পাৰ্বত্য উন্নয়ন বিভাগৰ আয়ুক্ত সচিবে উত্তৰ কাছাৰ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ  বিবৃতি যোগে অৱগত কৰে৷

নিহত যুৱকৰ দুজনৰ ঘটনা আৰু মাইবং কাণ্ডকলৈ দুখ প্ৰকাশ কৰে অসম চৰকাৰে। কিন্তু ইমানৰ পাছতো শান্ত নাথাকে ডিমাছা জনসাধৰণে। জিলাখনৰ দিয়ুংব্ৰাৰ ৰাজপথত হাজাৰ হাজাৰ জনতাই ওলাই উত্তাল পৰিবেশৰ সৃষ্টি কৰে। পৰম্পৰাগত ডিমাছা জাতীয় উৎসৱ-আনন্দ সকলো এৰি ৰাজ পথলৈ ওলাই আহি মাইবং কাণ্ডত নিহত যুৱকদ্বয়ৰ ন্যায় বিচাৰি, প্ৰাণহানীৰ বিনিময় বিচাৰে। আৰ এছ এছৰ নেতা জগদম্বা মল, জিলাখনৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে দিয়ুংব্ৰাত৷

মাণ্ডাদিছা, উমৰংছ' আদিৰ পাছত পুনৰ আৰ এছ এছৰ উত্তৰ-পূৱৰ সাংগঠনিক দায়িত্বত থকা জগদম্বা মল আৰু জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাৰ পুত্তলিকা দাহ কৰে দিয়ুংব্ৰাৰ হাজাৰ হাজাৰ জনতাই। প্রতিবাদী সমদলত আৰ এছ এছ মূর্দাবাদ, জিলা উপায়ুক্ত মূর্দাবাদ, আৰক্ষী অধীক্ষক মূর্দাবাদ ধ্বনি। উল্লেখ্য যে প্ৰতিবাদ, সমদল, পুত্তলিকা দাহৰ পাছত একাংশ ডিমাছা জনতাই দিয়ুংব্ৰাত নিহত যুৱকদ্বয়ৰ প্ৰতিচ্ছবিত আজিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰি সমূহীয়া প্ৰাৰ্থনা জনায়।

২৫ জানুৱাৰীত জিলাখনৰ পাঁচ সংগঠনে ১২ ঘন্টীয়া জিলা বন্ধৰ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ডিমা হাচাওবাসীয়ে মাইবঙত ৰূপায়ন কৰে ৰেলপথ অৱৰোধ কাৰ্যসূচী। ৰেলপথ অৱৰোধতেই সৃষ্টি হয় ভয়ানক হিংসাত্মক ঘটনাৰ। আৰক্ষীৰ গুলীত প্ৰাণ যায় দুজনকৈ নিৰীহ প্রতিবাদী যুৱকৰ৷ সমগ্ৰ ডিমা হাচাওত সৃষ্টি হয় এক চেপা-উত্তেজনা৷ বলৱৎ হয় সান্ধ্যা আইন, জিলা বন্ধৰ ঘটনা। আনহাতে সম্পূৰ্ণৰূপে বৰ্জন কৰে গণৰাজ্য দিৱস৷ জিলাখনত, সৰ্বাত্মকৰূপত পৰিলক্ষিত হয় বন্ধৰ প্ৰভাৱ। শুকুৰবাৰে  ডিমা হাচাওত জাতীয় পতাকাৰ সলনি ৰাজপথত উৰুৱাই ক'লা পতাকা।

মুঠতে মাইবং কাণ্ডত মিঠুঞ্জয় দিব্ৰাগেদে আৰু প্ৰৱান্ত হাগমাওছা নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ডিমা হাচাওৰ দিয়ুংব্ৰা, মাণ্ডাদিছা আৰু আন ঠাইত মূৰত ক'লা ফিটা বান্ধি উত্তোলন কৰে ক'লা পতাকা ডিমা হাচাওবাসীয়ে। আনকি দিয়ুংব্ৰাত নিহতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে ৰাজপথতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিমা হাছাওবাসীয়ে৷ মাইবং কাণ্ডত আঁহত হোৱা লোকসকলৰ বাবে সংগ্রহ কৰে আর্থিক সাহায্য৷ দিয়ুংব্ৰাৰ একাংশই দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সোণোৱাল, আৰক্ষী অধীক্ষক, জিলা উপায়ুক্তৰ বিৰুদ্ধে ব্যাপক অভিযোগ উত্থাপন কৰে৷

মাইবং কাণ্ডৰ মূলতে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক জগৰীয়া বুলি মত পোষণ কৰিছে। শীঘ্ৰে ঘটনাৰ উচিত তদন্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ আঁহত-নিহত পৰিয়ালক ক্ষতি পূৰণ দিয়াৰো দাবী জনাই চৰকাৰক ডিমা হাচাওবাসীয়ে। একাংশই লোকে নাগালিমক লৈ ইতিমধ্যে দুজনে প্ৰাণ আহুতি দিলে, গতিকে কেন্দ্ৰীয় নতুবা ৰাজ্য চৰকাৰে জানি থোৱা ভাল যে প্ৰয়োজন হলে পুনৰ প্ৰাণ দিম বহুজনে কিন্তু নাগালেণ্ডক এক ইঞ্চি মাটিও নিদিওঁ বুলি ক্ষোভ উজাৰে৷

যোৱা ৭০ ঘন্টা ধৰি উত্তেজনাই শাম কটা নাই ডিমা হাচাওৰ পৰিস্থিতি। বৃহত্তৰ নাগালিমৰ পৰিবৰ্তে চুবুৰীয়া নাগা বসতি প্ৰধান এলেকাক লৈ ফ্ৰন্টিয়াৰ নাগালেণ্ড গঠনৰ প্ৰস্তাৱৰ পিছতেই জংগী আন্দোলন জপিয়াই পৰে ডিমা হাচাওৰ জনসাধৰণে। ২৫ জানুৱাৰীত ৰেল পথ অৱৰোধ, ৰে’লত আক্ৰমণ আৰু ষ্টেছন গৃহত আক্ৰমণ কৰাৰ পিছৰে পৰা উত্তেজনা অব্যাহত আছে আজিও। শুকুৰবাৰে গণ ৰাজ্য দিৱসৰ দিনটোতে ডিমা হাচাওৰ যুৱকসকলে ঠায়ে একত্ৰিত হোৱাৰ চেষ্টা কৰে যদিও বিফল হয়৷ কেইবাগৰাকী প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত লোক আহত হৈছিল৷

আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ গুলীচালনা কৰাত তিনিজনকৈ যুৱকৰ দেহত গুলী লাগে। ইয়াৰে দুজন যুৱকৰ ইতিমধ্যে মৃত্যু হয়। মাইবং ষ্টেছনত গুলীচালনাত গুৰুতৰ ভাৱে আহত প্ৰবন্ত হাকমছা, মিঠুঞ্জয় দিব্ৰাগেদে নামৰ যুৱক দুজনৰ মৃত্যু হয়। আনহাতে ৩টা গুলী দেহত লৈ যন্ত্ৰণাত ছটফটাই থকা সমৰজিত ছেনউং নাম যুৱকজনক ২৬ জানুৱাৰীত পুৱাই গুৱাহাটীৰ জিএমআৰচিত ভৰ্তি কৰা হয়৷ পাহাৰীয়া জিলা ডিমা হাছওক নাগালিমত অন্তৰ্ভুক্ত কৰিব বিছৰাত ২৫ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ৫টা ডিমাচা সংগঠনে ১২ ঘন্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনায়৷

বন্ধৰ সময় ছোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাইবং ৰেল ষ্টেছনত৷ শ-শ লোকে পুৱাই মাইবং ৰেল ষ্টেছনত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰ এছ এছ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শ-শ লোকে৷ সময়তে একাংশ উত্তেজিত লোকে ৰেলত আক্ৰমণ কৰাৰ লগতে শিলাবৰ্ষণ কৰে ষ্টেছনৰ গৃহত৷ ৰেলত আক্ৰমণ, গৃহত শিলাবৰ্ষণ কৰাৰ লগতে ৰেল লাইন উঠাবলৈ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে৷ শিলচৰ অভিমুখী যাত্ৰীবাহী ৰে’ল আবদ্ধ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ প্ৰহাৰক ৮ জনকৈ লোক আহত হৈছিল৷ যাৰ ফলত যোৱা ৭০ ঘন্টা ধৰি ডিমা হাচাওত দোকান-পোহাৰ, যান-বাহনৰ চলাচল বন্ধ আছে। ডিমাচা যুৱকসকলে ফেচবুক লাইভ কৰি সমস্ত ঘটনাৰ প্ৰচাৰ কৰা দেখা গৈছে।