ৰঙিয়া/তুলসীবাৰীঃ কামৰূপৰ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷ বছৰ বছৰ ধৰি চৰকাৰে মিলটোক গুৰুত্ব আৰোপ নকৰাত ব্যাপক সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে মিলটোৰ কৰ্মচাৰিসকলে৷ শ্ৰমিকৰ দৰমহা আদায় আৰু পুনৰোজীৱিত কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰঙিয়াৰ দল-সংগঠনে৷

ৰঙিয়াৰ গৌৰৱ এপ'ল মিলৰ পুনৰোজীৱিত কৰাৰ দাবীত সোমবাৰে পুনৰ ৰঙিয়াৰ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু শ্ৰমিক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি পুৱা ১০ বজাৰ কেইবাঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে৷

ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক বিশ্ব কলিতা, ভূপেন কলিতা, শ্ৰমিক সন্থাৰ সভাপতি-সম্পাদক দুৰ্গা কলিতা, দুৰ্গা হালৈৰ নেতৃত্বত শতাধিক স্থানীয় লোকৰ উপস্থিতিত মিলটোৰ গেটৰ সন্মুখত তথা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, প্ৰস্তাৱিত ধন শীঘ্ৰে মুকলি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতা গোলোক ৰাজবংশী, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ নেতা দ্বীপ দৰ্শন ভৰদ্বাজ, প্ৰাক্তন ছাত্ৰ নেতা লিটন কলিতা, শংকৰ ভূঞা উপস্থিত থাকি মৃতপ্ৰায় উদ্যোগটোৰ পুনৰ কাৰ্যক্ষম কৰাৰ লগতে শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ সু-নিশ্চিত কৰাৰ দাবী জনায়৷ উল্লেখনীয় যে, দীৰ্ঘদিন ধৰি এপ’লমিল কাৰ্যক্ষম কৰাৰ দাবীত ৰঙিয়াবাসীয়ে প্ৰতিবাদ কৰি অহাৰ পিছতো অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

ৰঙিয়াৰ ৰাইজে বহু আশা কৰি দল তিনিটাক ভোটদান কৰিছিল সেই আশা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে৷ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বিপৰীতে ক্ষমতা দখলৰ ৰাজনীতিক লৈ ব্যস্ত হৈ আছে দল তিনিটাই৷ দুবছৰ পূৰ্বে চৰকাৰ গঠন কৰিয়েই অনেক চমক সৃষ্টি কৰাৰ লগতে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল অপ’লমিল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে৷ কিন্তু দুই বছৰ পাৰ হ’ল যদিও ঘোষণা আজিলৈ কাৰ্যকৰী কৰিবলৈ আহৰি পোৱা নাই ৰাজ্য চৰকাৰে৷

শেহতীয়াকৈ এনে ঘোষণাৰ বিৰুদ্ধে নেৰানেপেৰা আন্দোলন অব্যাহত ৰাখিছে ৰঙিয়াবাসীয়ে৷ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বস্ত্ৰ উদ্যোগ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীৰ এপল’মিলৰ পুণৰ উজ্জীৱিত কৰাৰ নিতৌ প্ৰতিবাদ কৰিব লগা হৈছে ৰাইজে৷ মাহৰ পিছত মাহ শ্ৰমিকে দৰমহা নাপায় হাহাকাৰ কৰিব লগা হয়৷ এসাজ ভাতৰ বাবে ককবকাব লগা পৰিবেশৰ সৃষ্টি হয়৷ শ্ৰমিকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হৈছে৷ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময়মতে নাপায়৷

তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷ কোনোবা ৰামদেৱক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থকা চৰকাৰ খনে থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে৷ ৰঙিয়াৰ তুলসীবাৰীৰ এপল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ যেন কুলাই-পাচিয়ে নধৰা হৈছে৷ বাৰে বাৰে চৰকাৰক তেওলোকৰ দাবী মানি লবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত ২৭ অক্টোবৰ, ১৭ নৱেম্বৰ আৰু ০৬ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও চৰকাৰে তিলমানো গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ সদৌ অসম ছাত্ৰ সন্থাই গণ আন্দোলন অব্যাহত ৰাখি এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে৷ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা, এপল মিল শ্ৰমিক সন্থাই ধৰ্ণা-প্ৰতিবাদ কৰি আহিছে৷ চৰকাৰ গঠন কৰিয়েই এপলমিল পুনৰ কাৰ্যক্ষম কৰিম বুলি কৈ ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে৷ কিন্তু ঘোষণা ঘোষণা হৈয়ে থাকিল৷

এতিয়া ঘোষণা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ নতুন বছৰ তথা ২০১৮ বৰ্ষতো পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে ৰাইজ৷ সোমবাৰে অৰ্থাৎ ২৯ জানুৱাৰীত আছু আৰু শ্ৰমিক সন্থাই প্ৰতিবাদ কৰাৰ লগতে যোৱা ২৩ জানুৱাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে আছু আৰু শ্ৰমিক সন্থাই৷ ২৩ জানুৱাৰীত চৰকাৰ আগবাঢ়ি আহক নহ’লে আমি একলগে ৰাজ পথত মৰিম বুলি হুংকাৰ দিছিল শ্ৰমিকে৷ আমাৰ লৰা-ছোৱালীক স্কুলৰ পৰা উলিয়াই আনিছো৷

যোৱা ২ বছৰে আমাৰ দৰমহা নাই৷ এই মন্তব্য আগবঢ়াই ৰঙিয়াৰ এপলমিল শ্ৰমিকসকলে৷ মুঠৰ ওপৰত চমক সৃষ্টিৰ বাবে ৯.৩৫ কোটি টকা ঘোষণা কৰি চৰকাৰে আজিলৈ কাৰ্যকৰী নকৰাত ক্ষোভিত হৈ পৰিছে ৰঙিয়াৰ ৰাইজ। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভৱেশ কলিতাৰ নিৰৱতাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ বাৰে বাৰে প্ৰতিবাদ কৰাৰ পিছতো বিধায়গৰাকীয়ে প্ৰতিবাদকাৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত বহাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৭ বৰ্ষৰ ১৭ নৱেম্বৰত মনোৰাম কুমাৰ নামৰ এগৰাকী শ্ৰমিকে ১৪ মাহে দৰমহা নোপোৱাত ফলত আত্মহত্যা কৰে৷ 

শ্ৰমিকগৰাকীয়ে আত্মহত্যা কৰাত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল বৈশ্যই ২১ নৱেম্বৰত মিলটো পৰিদৰ্শন কৰে৷ আনকি বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু এপল মিল শ্ৰমিক সন্থাৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হৈ সম্পূৰ্ণ সম্ভাৱনা পূৰ্ণ মিলটোৰ পুনৰ উজ্জীৱিত কৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ ৭ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা সমবায় বিভাগৰ সচিব ভিএন ভাস্কৰৰ নেতৃত্বত চিথা আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া মনিবন্ধন, সমবায় বিভাগৰ যুটীয়া সচিব মুণীন্দ্ৰ শৰ্মাও উপস্থিত থাকি মিলটোৰ উন্নয়ণৰ বাবে যাৱতীয় ব্যবস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷