গোৰেশ্বৰঃ অসমক দ্বিখণ্ডিত কৰিবলৈ ওলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অবড়ো সুৰক্ষা সমিতি, অসমে। বাগছা জিলাৰ গোৰেশ্বৰত গোৰেশ্বৰ ৰাজহ চক্ৰ অবড়ো সুৰক্ষা সমিতিয়ে আজি এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

বিটিএডিৰ পৰা অবড়ো গাওঁসমূহ  কৰ্তন তথা আৰু পৃথক ৰাজ্য স্থাপনৰ বিৰোধিতাৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এই অৱস্থান ধৰ্মঘট পালন কৰে। সংগঠনটোৰ শীৰ্ষ নেতা যোগেশ্বৰ কলিতাই এক বিবৃতিত প্ৰকাশ কৰে যে বিপিএফ নেতাৰ ধনেৰে এবছুই পৃথক বড়োৰাজ্যৰ বাবে সংগ্ৰাম আৰু সভা সমিতি কৰি আহিছে।

"এবছু, ইউপিপি আৰু বিপিএফৰ গভীৰ সুসম্পর্ক  আছে বুলিও মন্তব্য কৰে সুৰক্ষা সমিতিয়ে। এবছু, ইউপিপি, বিপিএফ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। নিৰ্বাচনত অবড়ো সকলৰ ভোট লাগে বাবে কেবল ইস্তাহাৰত পৃথক বড়োৰাজ্যৰ কথা উল্লেখ নকৰে বিপিএফে।"-এইদৰে কয় যোগেশ্বৰ কলিতাই। 

 তেওঁ আৰু কয় যে ২০১৪ চনৰ লোক সভা নিৰ্বাচনত কোকৰাঝাৰৰ ৰাইজে পৃথক বড়োৰাজ্য নিবিচাৰে বুলি ৰায় দিছে। সাংসদ নৱ শৰণীয়াই আন একো নকৰিলেও ২০১৪ চনতে বড়ো নেতৃত্বৰ পৃথক ৰাজ্যৰ ভেকোঁভাওনাৰ নাটকৰ যৱনিকা পেলাবলৈ সক্ষম হৈছে বুলিও নেতাজনে মন্তব্য কৰে।

বিবৃতিটোত যোগেশ্বৰ কলিতাই আৰু কয় যে অসমক আৰু কোনো কাৰণতে দুভাগ হ'বলৈ দিয়া নহ'ব। কলিতাই কয় যে এটা জাতিৰ নামত গঠিত পৃথক ৰাজ্যত কেতিয়াও অন্যসকলে নিজৰ মৌলিক অধিকাৰৰ সাব্যস্ত কৰিব নোৱাৰে। উদাহৰণ হিচাপে তেওঁ নাগালেণ্ড, মেঘালয়, অৰুণাচল আদিলৈ আঙুলিয়াই দিয়ে। মুঠৰ ওপৰত পৃথক বড়োৰাজ্য ষড়যন্ত্ৰৰ ওৰ নপৰালৈ অবড়ো সুৰক্ষা সমিতিৰ এই সংগ্ৰাম চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে যোগেশ্বৰ কলিতাই।