ডিজিটেল ডেস্কঃ ‘অামাৰ মতাধিকাৰ, সকলোতকৈ ডাঙৰ হাতিয়াৰ’ এই উক্তি আমেৰিকাত বন্দুক সংস্কৃতিক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথলৈ ওলাই অহা লাখৰো অধিক ছাত্ৰ সমাজৰ৷ 

কেইমাহমানৰ পূৰ্বে ফ্লৰিডা স্কুলত সংঘটিত হৈ যোৱা গোলাবৰ্ষণৰ বিৰোধিতা তথা বন্দুক সংস্কৃতি বন্ধ কৰাৰ দাবী তুলি ৱাশ্বিংটনত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ ছাত্ৰসমাজে সংসদত থকা সদস্যসকলক প্ৰভাৱিত কৰাৰ উদ্দেশ্য ৱাশ্বিংটনৰ ইউএছ কেপিটেলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

আমেৰিকাৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলে বন্দুক সংস্কৃতিৰ অৱসান ঘটোনাৰ দাবী তুলি বিভিন্ন স্থানত বিৰোধ প্ৰদৰ্শন কৰে৷ উল্লেখ্য যে, আমেৰিকা বিশ্বৰ ভিতৰতে সৰ্বাধিক বন্দুক থকা ৰাষ্ট্ৰ৷ আমেৰিকাৰ নাগৰিকৰ হাতত যিমান বন্দুক আছে বিশ্বৰ আন কোনো নাগৰিকৰ হাততে বন্দুক নাই৷ 

জানিব পৰা মতে, আমেৰিকাৰ ছাত্ৰ সমাজে সংসদৰ সন্মুখত বন্দুককলৈ বিৰোধিতা কৰি থকাৰ সময়তে মিছিছিপি নদীৰ প্ৰান্তত এটি ৯ বছৰীয়া কিশোৰে ভিডিঅ গেমক লৈ কাজিয়া লাগি নিজৰে ১৩ বছৰীয়া ভগ্নীক গুলিয়াই মাৰে৷