বিহালীঃ অসম কঁপোৱা বিহালীৰ চাউলধোৱা গণহত্যা সংঘটিত হৈছিল ২০১৪ চনৰ ২৯ জানুৱাৰীত৷ চাউলধোৱা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল চুবুৰীয়া ৰাজ্যৰ একাংশ অৰুণাচলীৰ বিৰুদ্ধে৷ সন্ধিয়াৰ আন্ধাৰৰ সুযোগ লৈ অসমৰ মাটি, সম্পদ ৰক্ষাৰ্থে অসম-অৰুণাচল সীমান্তৰ চাউলধোৱাত নিজকে একো একোজন সীমান্ত প্ৰহৰী হিচাপে নিয়োগ কৰি অৰুণাচলীৰ আগ্ৰাসনকাৰীক প্ৰত্যাহ্বান জনোৱা ১৫ জনকৈ লোকক শূন্য দূৰত্বৰ পৰা শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰা হৈছিল৷

নিজ মাতৃভূমি ৰক্ষাৰ্থে সীমান্তত পহৰা দিয়া নিৰীহ ১৫ গৰাকী লোকক হত্যা কৰাৰ প্ৰতিবাদত সেই সময়ত সমগ্ৰ অসমত আন্দোলন-প্ৰতিবাদ হৈছিল৷ অসমীয়া হত্যাকাৰী ১১ গৰাকী অৰুণাচলী লোকৰ বিৰুদ্ধে বিহালী থানাত গোচৰো ৰুজু কৰা হৈছিল৷ অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতি, চি পি আই(এম-এল) আৰু অন্যান্য দল-সংগঠনৰ প্ৰতিবাদত ৰাজ্য চৰকাৰে হত্যাকাণ্ডৰ বিচাৰৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল৷

চি বি আয়ে চাউলধোৱা কাণ্ডৰ তদন্ত চলাই গুৱাহাটীস্থিত চি বি আইৰ আদালতত ১৫গৰাকী লোকক হত্যাৰ সৈতে অৰুণাচলৰ নাৱাম হাগ, নাৱাম ৰাংখী, নাৱাম এক্কা, তানা জেকব, তাবা এনুৱেল, নুৱাং আব্ৰাহাম, নাৱাম টেধে, টেছি ৰংখা, নাৱাম তালুক, টেছি কুজুম আৰু টেছি তোলনক অভিযুক্ত কৰিছিল৷ অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ নেতা সভাপতি অনন্ত হাজৰিকা আৰু চি পি আই (এম-এল) ৰ বিশ্বনাথ জিলা সমিতিৰ নেতা লীলা শৰ্মাৰ দৰে নেতাৰ নেতৃত্বত প্ৰতিবাদ অব্যাহত থকাৰ সময়তো আজিলৈ চৰকাৰে অভিযুক্তক শাস্তি দিবলৈ সক্ষম নহল৷

সোমবাৰে অৰ্থাৎ ২৯ জানুৱাৰীত চাউলধোৱা গণ হত্যাৰ চাৰি বছৰ সম্পূৰ্ণ হল যদিও আজিও ন্যায় নাপালে ১৫গৰাকী লোকৰ পৰিয়ালে। সোমবাৰে অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতি আৰু চি পি আই এম-এল বিশ্বনাথ জিলা সমিতিৰ সহযোগত চাউলধোৱা গণ হত্যাৰ শ্বহীদসকলৰ স্মৃতিত "সংকল্প সভা" অনুষ্ঠিত হয়। সংকল্প সভাৰ পূৰ্বে শ-শ লোকে বৰগাঁও চাহ-বাগিচাৰ খেল পথাৰৰ পৰা বৰগাঁং বিষ্ণুৰাভা ৰংগ মঞ্চলৈকে সমদল উলিয়াই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল পৰিৱেশৰ সৃষ্টি হয়।

লক্ষীকান্ত কূৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনন্ত হাজৰিকাই পৰিচালনা কৰা সভাত অংশগ্ৰহণ কৰে অসম কৃষক মহাসভাৰ মুখ্য আহ্বায়ক বলীন্দ্ৰ শইকীয়া, চিপিআই এম-এলৰ ৰাজ্যিক সদস্য বিবেক দাস, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ বিশ্বনাথ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইক, বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ আহ্বায়ক পৰিমল গোঁড়, আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ গহপুৰ শাখাৰ সভাপতি দীনেশ বসমুতাৰী, চিপিআই এম-এলৰ বিশ্বনাথ জিলাৰ সম্পাদক লীলা শৰ্মা আৰু গোপাল ছেত্ৰী উপস্থিত থাকে৷

ডিমা হাচাও জিলাৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে অসম-অৰুণাচল সীমান্তৰ চাউলধোৱাত মাটি ৰক্ষাৰ বাবে অসমৰ মানুহক সুৰক্ষিত কৰাৰ বাবে মানৱ বেৰা স্থাপন কৰাৰ দাবী জনাই ১১ দফীয়া দাবী সংকল্প সভাত প্ৰস্তাৱ গ্ৰহণ কৰে।