কামপুৰঃ ৰোগীয়া দেহেৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ডিমাচা ৰজাই৷ ৰজা তুলাৰাম সেনাপতিৰ পঞ্চম জন পু-নাতি ৰজা ধৰ্মেশ্বৰ কোঁৱৰ ৰোগীয়া দেহেৰে হাতত লাখুটি লৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাইবংৰ ঘটনাৰ বাবে ক্ষমা খোজাৰ দাবী জনায়৷  ৰাজ্যত মাইবং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে ডিমাচা ৰজাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

বিগত ২৫ জানুৱাৰীত মাইবঙত ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুজনকৈ ডিমাচা যুৱকৰ প্ৰাণ যোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ নগাঁও জিলাৰ কপিলীপৰীয়া ডিমাচা সমাজে মঙলবাৰে কামপুৰত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ডিমাচা নেতৃবৃন্দ তথা চৰকাৰৰ পৰা ৰজা ধৰ্মেশ্বৰ কোঁৱৰে উচিত মৰ্য্যদা পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰীৰ লগতে ৰজা ধৰ্মেশ্বৰ কোঁৱৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিমাচাবাসীৰ ওচৰত ক্ষমা খোজাৰ লগতে ক্ষতিগ্ৰস্তক ১০ লাখ টকা দিয়াৰ দাবী জনায়৷ নগাঁও জিলাৰ কামপুৰৰ নিজকামপুৰৰ ডিমাচা ৰজা তুলাৰাম সেনাপতিৰ পঞ্চম জন পু-নাতি ৰজা ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান অসুস্থ দিও চৰকাৰে খবৰ নোলোৱাৰ অভিোগ উত্থাপন হয়৷ ডিমাচা নেতৃবৃন্দই আৰু ৰাজ্য চৰকাৰে সহায় নকৰাত কঠোৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰে ৰাজ ভাট্টা দিয়াৰ কথা কৈছে যদিও নব্বৈ বছৰত ভৰি দিয়া কোঁৱৰে আজিকোপতি ভাট্টাৰ পৰা বঞ্চিত হৈ আহিছে।