নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ৰ ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলে ৮ দিন পাৰ হোৱাৰ পিছতো ৰজাঘৰীয়াৰ পৰা সাহায্য হিচাপে ১  পেকেট বিস্কুটো লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

চৰকাৰ-প্ৰশাসনলৈ বাট চাই চাই নিজৰ ঘৰ-দুৱাৰ, বাৰীৰ তামোল-পান, পোহনীয়া গৰু -ছাগলী কেইটা হেৰুৱাই দুখত ভাগি পৰা ক্ষতিগ্ৰস্তসকলে এতিয়া মুকলি আকাশৰ তলতে বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈ পৰিছে। 

উল্লেখ্য যে অতি পিছপৰা অঞ্চলটোৰ ৯০% লোকেই দিন হাজিৰা কৰি বাৰীৰ তামোল-পাণ,  শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাি আহিছে। এনে অৱস্থাত ধুমুহাই ঘৰ-বাৰী সকলো উৰুৱাই নিয়াত নিৰুপায় হৈ পৰিছে অঞ্চলটোৰ ১০খনতকৈও অধিক গাঁৱৰ বাসিন্দাসকল। 

ধুমুহাই সৰ্বশ্ৰান্ত কৰাৰ ৮ দিন পাৰ হোৱাৰ পিছতো চৰকাৰ-প্ৰশাসনৰ তৰপৰ পৰা ফুটাকড়ি এটাও নোপোৱাত ক্ষোভিত হৈ বৃহস্পতিবাৰে এখন প্ৰতিবাদী সভাৰ আয়োজন কৰে ক্ষতিগ্ৰস্ত ৰাইজে। উক্ত সভাতে এখন ২১ জনীয়া ক্ষতিপূৰণ দাবী সমিতিও গঠন কৰা হয়।সভাৰ অন্তত ক্ষতিগ্ৰস্তসকলৰ ক্ষতি অনুযায়ী উচিত ক্ষতিপূৰণ আদায়ৰ দাবীত এখন স্মাৰক পত্ৰ চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত ধুমুহাত সৰ্বশ্ৰান্ত হেৰুওৱাৰ পিছতো চৰকাৰ প্ৰশাসনে ইমান দিনে কোনো ধৰণৰ খা-খবৰ নোলোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। পৰৱৰ্তী সময়ত দাবী সমূহ মানি ন'ললে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ প্ৰদান কৰে ক্ষতিগ্ৰস্তসকলে।