anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশৰ সকলো বিৰোধী একত্ৰিত হ'ল দিল্লীত। শনিবাৰে বিহাৰৰ প্ৰধান বিৰোধী দল কথা লালু প্ৰসাদ যাদৱৰ দল আৰজেডিৰ আহ্বানত দেশৰ সকলো বিৰোধী দল একত্ৰিত হৈ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে। 

বিহাৰৰ নিতীশ কুমাৰ নেতৃত্বাধীন বিজেপি আৰু জেডিএছ চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি একপ্ৰকাৰ যেন লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীক আকৌ এবাৰ একত্ৰিতহে হ'ল। লালু পুত্ৰ তেজস্বী যাদৱৰ আহ্বানত প্ৰতিবাদস্থলিত উপস্থিত হয় কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, আপ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বামপন্থী নেতা ডি ৰাজা, সীতাৰাম য়েচুৰী, তৃণমূলৰ নেতা দীনেশ ত্ৰিবেদী, শৰদ যাদৱ, সঞ্জয় সিং, জীতেনৰাম মাঝি, কানহায়া কুমাৰ সহ বিৰোধী দলৰ সকলো নেতা প্ৰতিবাদত অংশ লয়। 

ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি শীঘ্ৰে এই ঘটনাক গুৰুত্ব সহকাৰে লবলৈ নীতিশ কুমাৰক আহ্বান জনায়।কেজৰিৱালে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। ৪০গৰাকী দেশৰ ভনীৰ সৈতে বেয়া কাম কৰা হৈছিল বুলি কৈ বিহাৰ চৰকাৰৰ পূৰ্বেই কিয় গম পোৱা নাছিল বুলি কয়। ইয়াৰ পিছতো তদন্ত হোৱা নাই বুলি কয় কেজৰিৱালে। আনহাতে তেজস্বী যাদৱে এই কাৰ্যসূচীৰ পৰা নীতিশ কুমাৰক আক্ৰমণ কৰি চৰকাৰ বিফল বুলি কৈ অপৰাধীক ফাঁচী দিয়াৰ দাবী জনায়। আনহাতে আটাইকেইজন দোষীক এতিয়াও আটক কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে তেজস্বীয়ে।

 বৰ্তমানৰ বিহাৰৰ জেডিএছ আৰু বিজেপিৰ চৰকাৰে সকলো অপৰাধীক গ্ৰেপ্তাৰ নকৰাৰ লগতে এই ঘটনাৰ সৈতে ৰাজনৈতিক দলৰ নেতা তথা খোদ চৰকাৰৰ লোক জৰিত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই কাণ্ডত এগৰাকী বিহাৰ চৰকাৰৰ মন্ত্ৰীৰ পৰিয়ালৰ নাম ওলাইছে যদিও সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত তেজস্বীয়ে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে।

বালিকা গৃহৰ পৰিচালনা কৰিছিল ব্ৰজেশ ঠাকুৰ নামৰ এগৰাকী লোকৰ স্বেচ্ছাসেৱী অনুষ্ঠানে। বিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ নিৰ্যাতিতাৰ ফটো দেখুৱাত নিষেধ জাৰি কৰি নিৰ্দেশ দিয়ে উচ্চতন ন্যায়ালয়ে। এগৰাকী লোক কৰা আবেদনৰ ভিত্তিত ন্যায়াধীশ বি লুকুৰ আৰু দীপক গুপ্তাৰ আদালতে ঘটনা সন্দৰ্ভত বিহাৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মহিলা-শিশু মন্ত্ৰালয়ৰ পৰা শীঘ্ৰে তথ্য বিচাৰে।

ইতিমধ্যে ব্ৰজেশ ঠাকুৰক বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাৰ তদন্তৰ বাবে চিবিআইক দায়িত্ব দিয়া হৈছে। ধৰ্ষণকাণ্ডৰ মুখ্য অভিযুক্ত মধু কুমাৰক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই চৰকাৰে। জানিব পৰা মতে, মোজাফ্ফাৰ নগৰ কাণ্ডৰ মুল অপৰাধী মধু কুমাৰক প্ৰশাসনে এৱাৰ্ড দিবলৈ মনোনিত কৰিছিল। 

উল্লেখ্য যে, অভিভাৱকহীন, গৃহহীন কিশোৰী আৰু যুৱতীক ৰখা হৈছিল বালিকা গৃহত। ৩৪ গৰাকী কিশোৰী আৰু যুৱতীক প্ৰতিদিনে ধৰ্ষণ কৰা হৈছিল। কিশোৰী আৰু যুৱতীক বাহিৰলৈ ওলাই আহিব দিয়া হোৱা নাছিল। অকথ্য শৰিৰীক নিৰ্যাতন দি ধৰ্ষণ কৰা হৈছিল। যাৰ ফলত তিনিগৰাকী কিশোৰীৰ মৃত্যু হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিৰোধী দলে বিহাৰ চৰকাৰে মহিলাক সুৰক্ষা দিয়াৰ ব্যৰ্থ হোৱাৰ লগতে এই ঘটনাত বিহাৰ চৰকাৰৰ লোক জৰিত থকা বুলি দাবী কৰি আহিছে।