খেৰণিঃ মাইবং কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ মাইবং কাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ পাৰ্বত্য জিলাখনতে ইটোৰ পিছত সিটো প্ৰতিবাদ অব্যাহত আছে৷ মৌন সমদল, প্ৰতিকৃতি দাহ আদিৰে পতিবাদ অব্যাহত আছে৷ একপ্ৰকাৰ জটিল ৰূপ ধাৰণ কৰিছে পাহাৰীয়া জিলাখনত।

মুঠতে পৰম্পৰাগত উৎসৱ বিছো ডিমাৰ আনন্দ উলাহ পৰিহাৰ কৰি, নিজৰ ঘৰ-দুৱাৰ এৰি ৰাজপথলৈ ওলাই আহে ডিমা হাছাওৰ হাজাৰ হাজাৰ লোক। মাণ্ডাদিছা, উমৰংছ', হাফলং আদিত প্ৰতিবাদী সমদল-পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে যোৱা শুকুৰবাৰে লংকাৰ বর্মনপথাৰত বাহিৰ কৰে মৌন সমদল উলিয়াই বর্মনপথাৰবাসীয়ে।

একেদৰে শনিবাৰে সন্ধ্যা কাৰ্বি আংলঙৰ হাৱাইপুৰতো বৃহত্তৰ হাৱাইপুৰবাসীয়ে মাইবং কাণ্ড আৰু উক্ত ঘটনাত দুই প্ৰতিবাদী সদস্য মিঠুঞ্জয় দিব্ৰাগেদে আৰু প্ৰৱান্ত হাগমাওছাৰ মৃত্যুক লৈ শোক আৰু দুখ প্ৰকাশ কৰে। লগতে আৰক্ষী-প্ৰশাসনে বৰ্বৰভাৱে সংঘটিত কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে হাৱাইপুৰত অনুষ্ঠিত কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হাৱাইপুৰবাসীয়ে।

সমান্তৰালকৈ হাৱাইপুৰত সমবেত হোৱা পাঁচ শতাধিক ৰাইজে হাতে হাতে বন্তি-জুমুঠি লৈ এক মৌন সমদল উলিয়াই নিহত যুৱকদ্বয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ২ মিনিট সময়ৰ মৌন প্ৰাৰ্থনা কৰে বৃহত্তৰ হাৱাইপুৰবাসীয়ে।

এক কথাত কবলৈ গলে মাইবং কাণ্ডৰ পৰিণতিয়ে এতিয়া ডিমা হাছাওৰ লগতে সমগ্ৰ ৰাজ্য জোকাৰিবলৈ ধৰিছে। সকলোতে সকলোৱে কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ লগতে চৰকাৰক জিলাখনৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। অশান্ত হৈ পৰিছে সমগ্ৰ জিলাখনেই।