ডিব্ৰুগড়ঃ বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ প্ৰতিভূ বৃহৎ অসমভূমিৰ পাহাৰে-ভৈয়ামে একাকাৰ কৰি বসতি কৰি আছে বৰ্ণিল অসমীয়া জাতি ৷ প্ৰতিটো জাতি-জনজাতিৰে আছে নিজস্ব চাৰিত্ৰিক বৈশিষ্ট্য । নিজা নিজা ভাষা, সাহিত্য, সংস্কৃতিৰ জৰিয়তেই সমৃদ্ধ হোৱা জনগোষ্ঠীসমূহৰ ভিতৰত ভৈয়ামত বসবাস কৰা  দ্বিতীয় বৃহত্তম জনজাতি হৈছে মিচিং জনজাতি ৷

নৈৰ পাৰত বসতি কৰা এই মিচিং জনজাতিসকলৰ আছে নিজা ভাষা,সংস্কৃতি, মৌখিক সাহিত্য আৰু কিম্বদন্তিমূলক কিছু তথ্যৰ আভাস । যাৰ জৰিয়তে বৰ্ণিল মিছিং জনগোষ্ঠীয়ে নিজা পৰিচয় বহন কৰি পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্ৱন । মিচিং সকলে পালন কৰা উৎসৱ সমূহৰ ভিতৰত এটা উল্লেখনীয় কৃষিভিত্তিক উৎসৱ হ’ল 'আলি-আয়েঃ-লৃগাং’ ।

এই বৃহৎ জনগোষ্ঠীটোৱে পালন কৰা উৎসৱ আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী কৰে ডিব্ৰুগড় জিলা টাকাম মিচিং পৰিন কেবাঙে । ডিব্ৰুগড় জিলা টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত বুধবাৰে চহৰখনৰ চৌকিডিঙ্গি চাৰিআলিত 'আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰক', 'টি এম পি কে জিন্দাবাদ' আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

উল্লেখ্য যে, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নবীন মিলিৰ নেতৃত্বত ৰূপায়ণ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীসকলে যুগ যুগ ধৰি অৱহেলিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। জনগোষ্ঠীটোৰ একমাত্ৰ উৎসৱ আলি আয়ে লৃগাং উৎসৱত ৰাজ্যিক বন্ধ দিয়াৰ বাবে দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

প্ৰায় শতাধিক টি এম পি কে, টি এম এম কে, এম এম কে আৰু টি এম এম কেৰ কৰ্মীয়ে উলিওৱা এই প্ৰতিবাদী কার্যসূচীত ডিব্ৰুগড় চহৰৰ আকাশ বতাহ কঁপাই তোলে।