গুৱাহাটীঃ সাংবাদিক সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত দাবী জনাই আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন হয়। এই কাৰ্যসূচীত বহুতো সাংবাদিকৰ লগতে ভাগ লয় প্ৰমূখ্যে গুৱাহাটী প্ৰেচ ক্লাবৰ সাংবাদিক নৱ ঠাকুৰীয়া, মনোজ অগস্তি, পুলিন কলিতা, জয় কুমাৰ দাস আদিয়ে।

কৰ্মৰত অৱস্থাত সাংবাদিক সকলৰ বিশেষ নিৰাপত্তা বিচাৰি আৰু দূৰ্ঘটনা জড়িত কাৰণত মৃত্যু হোৱা সাংবাদিক সকলৰ উচিত ন্যায় বিচাৰি আজিৰ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয়। বিভিন্ন ক্ষেত্ৰত দেখা যায় যে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক সকল প্ৰহৃত হয়, আৰু কোনো ক্ষেত্ৰতটো মৃত্যু পৰ্য্যন্ত সাৱটিব লগা হয়। সেয়ে কোনো স্পৰ্শ কাতৰ বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত সাংবাদিক সকলক বিশেষ ভাৱে সুৰক্ষা প্ৰদান কৰিব লাগে বুলি আজিৰ ধৰ্ণাত উত্থাপিত হয়৷