দিচাংমুখঃ পাহাৰীয়া জিলা তথা প্ৰকৃতি ৰাণী ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ খবৰ প্ৰচাৰ হোৱাত উত্তেজিত হৈ পৰিছিল ডিমাচা ৰাইজ৷ চৰকাৰে সকলোকে আন্ধাৰত ৰাখি এনএছচিএনৰ সৈতে ফ্ৰমৱৰ্ক চুক্তি সম্পাদনা কৰি ডিমা হাচাওক গ্ৰেটাৰ নাগালিমত অন্তৰ্ভক্ত কৰিব বিছৰা কাণ্ডৰ বিৰুদ্ধে ২৫ জানুৱাৰীত প্ৰতিবাদ কৰিবলৈ ওলাই আহি নিৰাপত্তাৰক্ষীৰ গুলী মূৰ পাতি লৈ অকালতে মৃত্যুবৰণ কৰিছিল দুজনকৈ তেজাল থলুৱা ডিমাচা যুৱকে৷

আৰক্ষীৰ গুলীত ডিমাচা জনগোষ্ঠীৰ দুজন যুৱকৰ মৃত্যু হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আজিলৈ ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা নকৰিলে৷ নাগালিমৰ পৰিবৰ্তে চুবুৰীয়া নাগা বসতি প্ৰধান এলেকাক লৈ ফ্ৰন্টিয়াৰ নাগালেণ্ড গঠনৰ প্ৰস্তাৱৰ কথা প্ৰচাৰ হোৱাৰ পিছতেই ৰেল পথ অৱৰোধ, ৰে’লত আক্ৰমণ আৰু ষ্টেছন গৃহত আক্ৰমণ কৰি জংগী আন্দোলন পৰিছিল ডিমা হাচাওৰ জনসাধৰণে।

২৫ জানুৱাৰীত সংঘটিত হৈছিল এই ঘটনা৷ এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১৩টা দিন পাৰ হ’ল যদিও কেন্দ্ৰীয় চৰকাৰে এনএছচিএনৰ সৈতে সম্পাদনা কৰা চুক্তিৰ ৰাজহুৱা নকৰাত পুনৰ প্ৰতিবাদমূখৰ হৈ পৰিছে ৰাজ্য খনৰ দল-সংগঠন৷ অসম ছাত্ৰ-যুৱ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে শিৱসাগৰ চহৰৰ মাজ মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে অসমৰ ৰাইজক অন্ধকাৰত ৰাখি নগা বিদ্ৰোহীৰ সৈতে ফ্ৰেমৱৰ্ক চুক্তি ৰূপায়ণ কৰি আজিলৈকে ৰাজহুৱা নকৰাত ক্ষোভিত হৈ সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠনটোৱে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি নগা ফ্ৰেমৱৰ্ক চুক্তি শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনায়। নাগালিমত কোনো কাৰণতে অসমৰ মাটি অন্তৰ্ভক্ত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে। সীমান্তৱাসীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনোৱাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰত্যাহাৰ কৰাৰ দাবী জনায়৷ দাবী সমূহ শীঘ্ৰে মানি নললে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে৷