ধনশিৰিঃ ৰাজ্যৰ প্ৰাম্তে প্ৰাম্তে এতিয়া প্ৰতিটো দিনেই মুখৰ হ’বলৈ ধৰিছে ধৰ্ণা, শ্ল’গানেৰে ৷ প্ৰতিশ্ৰুতিত আৱদ্ধ কল্যাণকামী ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে জাতীয় সংগঠনসমূহৰ সদস্যৰ লগতে খাটি খোৱা সাধাৰণ জনতাই ৷ বিভিন্ন সমস্যাত জৰ্জৰিত সাধাৰণ ৰাইজৰ এতিয়া মোহভংগ ঘটিছে শাসনত অধিষ্ঠিত চৰকাৰৰ প্ৰতি ৷

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে ধৈৰ্য্যৰ সীমা চেৰাই ৰাজপথলৈ ওলাই আহিছে ৰাইজ ৷ যাৰ পৰিপেক্ষিতত সময়ে সময়ে গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে বিভিন্ন ধৰণৰ হিংসুক কাৰ্যসূচী ৷ 

গোলাঘাট জিলাৰ ৰাইজে বুধবাৰে গ্ৰহণ কৰিলে ৰে’ল বিভাগৰ ওপৰত এক প্ৰতিবাদী কাৰ্যসূচী ৷ জানিব পৰা মতে, গোলাঘাট জিলাৰ ধনশিৰি মহকুমা অন্তৰ্গত চুঙাজান ৰে’লষ্টেচনৰ সমীপৰ ৪০ খন গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি অহা-যোৱা কৰি আহিছে ৰে’লপথৰ ওপৰেদি৷

কিন্তু ৰে’ল বিভাগে একমাত্ৰ পথটো বন্ধ কৰিবলৈ লোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে গঞা ৰাইজ ৷ ৰে’ল বিভাগৰ এনে মইমতালিত অসন্তুষ্ট হৈ পৰে ৰাইজ৷ যাৰ বাবে ৰে’ল বিভাগে সুবিধাজনক ব্যৱস্থা কৰি দিবলৈ আৰু অতিশীঘ্ৰে পথটিত লেভেল ক্ৰচিং স্থাপন কৰিবলৈ বুধবাৰে জাতীয় সংগঠন আছুৰ নেতৃত্বত স্থানীয় ৰাইজে উক্ত স্থানত ৰে’ল অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে ৰে’ল বিভাগ আৰু প্ৰশাসনৰ বিষয়বৱীয়াৰ মাজত আলোচনা মৰ্মে কৰ্তৃপক্ষই ৭ দিনৰ ভিতৰত ইতিবাচক সঁহাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজক। সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পাছতেই প্ৰতিবাদকাৰীসকলে স্থগিত ৰাখে কাৰ্যসূচী ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰী সকলে জনায় যে, কৰ্তৃপক্ষই বান্ধি সময়সীমাৰ ভিতৰত যদি প্ৰতিশ্ৰুতি পূৰণ নকৰে তেন্তে আৰু অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব প্ৰতিবাদকাৰীসকল ৷