ওদালগুৰিঃ  ৰাজ্যৰ লাঞ্চিত, বঞ্চিত চাওঁতাল জনগোষ্ঠীৰ লোকসকল শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে৷ বছৰ বছৰ ধৰি নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰি অহা চাওঁতাল জনগোষ্ঠীৰ লোকসকলক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তাল কৰি তোলে৷ চাওঁতাল জনগোষ্ঠীৰ লোকসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ ৰৌতাত ১৫ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰে সদৌ চানতাল ছাত্ৰ সন্থাৰ(এছু) নেতৃত্বত।

পুৱা ন বজাৰ পৰা আৰম্ভ হোৱা ছয় ঘণ্টীয়া ৰাষ্টীয় ঘাইপথ অৱৰোধত একপ্ৰকাৰ স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। প্ৰায় কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদত শ-শ যান বাহন আৱদ্ধ হৈ পৰে ঘাইপথ৷ উল্লেখ্য যে, চানতালসকলক জনজাতিকৰণৰ বাবে উভয় চৰকাৰে বিভিন্ন ক্ষেত্ৰত প্ৰতাৰণা কৰি অহাৰ লগতে নিৰ্যাতিত, শোষিত আৰু চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।

যাৰ পৰিপেক্ষিতত শুকুৰবাৰে উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰ মূল দাবীসমূহ অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ অস্তিত্ব, আত্ম-সন্মান, নিৰাপত্তা পোৱাৰ দাবীত শোষিত, নিৰ্যাতিত আৰু বঞ্চিত চাওঁতাল জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমৰ ভূমিপুত্ৰ চাওঁতালসকলক ভূমি আইন ১৮৮৬ ৰূপায়ণ কৰি ভূমি সংৰক্ষণ কৰা, বনাঞ্চলত বাস কৰা চাওঁতালসকলক বনাঞ্চল নিবাসী আইন ২০০৬ ৰ অধীনত ভূমি অধিকাৰ প্ৰদান কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শীঘ্ৰে চাওঁতালী শিক্ষক আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা।

এই কাৰ্যসূচীৰ পাছত চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে ৰেলপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ নেতৃত্বই। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে এছুৰ কেন্দ্ৰীয় উপদেষ্টা কাইন কুমাৰ হেমব্ৰম জিলা সমিতিৰ সভাপতি-সম্পাদক কেভল হাছদা আৰু সুনিৰাম হেমব্ৰম।