কলিয়াবৰঃ ৰাজ্য খনত নাৰীও আজিও সুৰক্ষিত নহয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও নিৰ্যাতন, ধৰ্ষণৰ বলি হয়৷ অসমৰ নাৰীয়ে নিজৰ সুৰক্ষা বিচাৰি বাৰে বাৰে ৰাজ পথলৈ ওলাই আহি চিঞৰিব লগা হয়৷ নাৰীয়ে আত্মৰক্ষাৰ বাবে ৰাজ পথলৈ ওলাই আহিব লগা হয়৷ নাৰীয়ে একাংশ পুৰুষৰ অত্যাচাৰ সহ্য কৰিব লগা হয়৷ আজিৰ নাৰী চাৰি বেৰৰ মাজত সোমাই থকা নাই যদিও একাংশ পুৰুষে নাৰীক আজিও অত্যাচাৰ কৰিবলৈও এৰা নাই৷

দেশৰ অন্য প্ৰান্তৰ কথা বাদেই, আমাৰ ৰাজ্যখনতে একাংশ দুঃচৰিত্ৰৰ পুৰুষৰ বাবে অসুৰক্ষিত হৈ পৰিছে নাৰী৷ গাৰ্হস্থ্য হিংসাৰ লগতে প্ৰতিনিয়ত ধৰ্ষণ, নিৰ্যাতন, যৌতুকজনিত অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আজিৰ নাৰী৷ নিশা নালাগে দিনতে নাৰী আজি ক'তো সুৰক্ষিত নহয়৷ তাৰ মাজতে, ঢেকিয়াজুলিৰ চিৰাজুলিত সংঘটিত হয় নিকৃষ্ট কাণ্ড৷

যোৱা ২২ জানুৱাৰীত দশম শ্ৰেণীৰ অধ্যয়ণৰত এগৰাকী কিশোৰীক বিদ্যালয়লৈ আহি থকা অৱস্থাত দলৱদ্ধ ধৰ্ষণ কৰে কেইগৰাকীমান নৰপিশাচে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত৷ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক আটক কৰাৰ দাবী জনাই আহিছে যদিও আৰক্ষীয়ে অভিযুক্তক আটক কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হয়৷ নগাঁও জিলাৰ কলিয়াবৰত সোমবাৰে এই ঘটনাৰ বিৰুদ্ধে কেইবা শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

অসম চাহ জনজাতি সন্থাৰ উদ্যোগত কেইবাশতাধিক লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অসম পুলিচ হায় হায়, আবকাৰী বিভাগ হায় হায়, অসম চৰকাৰৰ কাম নাই আদি শ্ল’গানেৰে কলিয়াবৰ মহকুমা কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷ এই কাণ্ডক তীব্র ভাষাৰে গৰিহণা দি সংগঠনটোৱে কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠনটোৱে আজিও ধৰ্ষণকাৰী মুকলি আকাশৰ তলত ঘুৰি-ফুৰা বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰে আটক কৰাৰ দাবী জনায়৷ নিৰ্যাতিতাৰ পৰিয়ালক ১০ লাখ টকাৰ এক কালীন সাহায্য দিয়াৰ লগতে কিশোৰীগৰাকীক ভৱিষ্যতৰ স্বৰ্থত কৰ্ম সংস্থাপন দিয়াৰ দাবী জনায়৷