newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ দ্বাৰকুছি-কাউৰবাহা-গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া  নদীৰ বুকুত থকা কাঠৰ দলংখন বহুবছৰ আগতে পানীৰ সোতে উটুয়াই লৈ যায়। পৰৱৰ্তী সময়ত ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছিল যদিও সম্প্ৰতি এই বাহৰ দলংখন বৰলীয়াৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।

ফলত এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে। আজি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, তামুলপুৰ জিলা এবিএমছু আৰু কোচৰাজবংশী ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিব পৰাকৈ অসম চৰকাৰ আৰু বি টি চি চৰকাৰৰ লগতে জন প্ৰতিনিধি সকলক সুমতি প্ৰদান কৰাৰ বাবে মহা হোম যজ্ঞ'ৰ আয়োজন কৰে।

মহা হোম যজ্ঞত মুখ্যমন্ত্ৰী, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, গড়কাপ্তানি মন্ত্ৰী আৰু তামুলপুৰৰ আৰু ৰঙিয়াৰ বিধায়ক সকলক সুমতি দিয়াৰ বাবে ভগৱানৰ ওচৰত ৰাইজে আঁঠু লৈ হৰিধ্বনিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই।

হোম যজ্ঞত উপস্থিত থকা কণ কণ ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু ছাত্ৰ সংগঠন সমূহে বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে দাবী জনাই অসম চৰকাৰ হায়!হায়!, বি টি চি চৰকাৰ হায়! হায়!, গড়কাপ্তানি মন্ত্ৰী হায়! হায়!,  হাগ্ৰামা মহিলাৰী মূৰ্দাবাদ, তামুলপুৰ আৰু ৰঙিয়াৰ বিধায়ক মূৰ্দাবাদ, আমাক দলং লাগে, দলং দিয়ক আদি শ্লোগানেৰে মহা হোম যজ্ঞ স্থলী উত্তাল কৰি তোলে।

দলং খন নোহোৱাৰ বাবে কেইবাখনো গাঁওৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। বিদ্যালয়লৈ যাব নোৱাৰা ছাত্র-ছাত্ৰী সকলে এইদৰেই মহা হোম যজ্ঞত উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা কাৰ্যই ৰাজ্যৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ পুনৰবাৰ উদঙাই তুলিলে।