ডিজিটেল ডেস্কঃ যদি আপোনা পৰিয়ালটো দৰিদ্ৰ৷ আপোনাৰ যদি শৌচালয় নিৰ্মাণ কৰাৰ ক্ষমতা নাই নাই তেন্তে আপুনি পাহৰি যাওক চৰকাৰৰ পৰা লাভ কৰিব লগা সকলো সাহায্যৰ কথা৷ দৃষ্টিত এক দৃষ্টান্তমূলক সিদ্ধান্তৰে শনিবাৰে পুডুচেৰীৰ ৰাজ্যপাল কিৰণ বেদীয়ে ঘোষণা কৰে যে বিনামূলীয়া চাউল আৰু অন্যান্য সামগ্ৰী যোগান ধৰা গ্ৰাম্য অঞ্চলসমূহ যেতিয়ালৈকে আৱৰ্জনামুক্ত নহয়, তেতিয়ালৈকে ৰাজসাহায্য প্ৰদান কৰা নহ’ব৷ 

এক বিবৃতিযোগে ৰাজ্যপালগৰাকীয়ে কয় যে গাঁও সমূহে প্লাষ্টিকৰ আৱৰ্জনা তথা ব্যৱহাৰ আৰু খাদ্য মুক্ত অৱস্থাত ৰাখিলে তাৰ বাবে পৰিদৰ্শকৰ ওচৰত কৈফিয়ৎ দিব লাগিব৷ তেনে নোহোৱা পৰ্যন্ত বিনামূলীয়া খাদ্যৰ যোগান বন্ধ কৰি ৰখা হ’ব৷ 

ৰাজ্যপাল কিৰণ বেদীয়ে জাৰি কৰা এই নতুন সিদ্ধান্ত জুন মাহৰ পৰা কাৰ্যকৰী হ’ব৷ তাৰ প্ৰাকমূহূৰ্তত গাঁও সমূহৰ পৰা আৱৰ্জনা নিকা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু গাঁওবাসীক চাৰি সপ্তাহৰ নিৰ্দিষ্ট সময় বান্ধি দিছে ৰাজ্যপালগৰাকীয়ে৷ ইমানে নহয় মুকলিত মলমূত্ৰ ত্যাগ কৰা লোকসকলোৰো এই সুবিধা বন্ধ কৰি ৰখা হ’ব৷

‘চাউলসমূহ বিতৰণ নকৰা পৰ্যন্ত এক নিৰাপদ স্থানত সঞ্চিত কৰি ৰখা হ’ব৷ যেতিয়া গাঁওসমূহ পৰিস্কাৰ হোৱা দেখা যাব, তেতিয়াহে এই চাউলসমূহ বিতৰণ কৰা হ’ব৷ বিন্যামূল্যে খাদ্য যোগান লাভ কৰিবলৈ গাঁওবাসীক চাৰি সপ্তাহৰ ভিতৰত গাঁওসমূহ আৱৰ্জনামুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হয়৷ এই সময়সীমা ৩১ মে’ত সম্পূৰ্ণ হ’ব৷’ এক বিবৃতিযোগে জনায় কিৰণ বেদীয়ে৷ 

‘‘মই গ্ৰাম্য অঞ্চলত পকী শৌচাগাৰৰ লেহেমীয়া নিৰ্মাণকাৰ্য দেখি দুখ পাইছো৷ যোৱা দুই বছৰে মই স্থানীয় প্ৰতিনিধি আৰু সংশ্লিষ্ট কৰ্মকৰ্তাক এখন নিকা পুডুচেৰী গঢ়িবলৈ দিয়া নিৰ্দেশ পালন নকৰাত মই খুবেই দুখিত৷ মই পুডুচেৰীৰ গ্ৰাম্য এলেকা পৰ্যবেক্ষণ কৰি বুজিছো যে গাঁওসমূহৰ স্থানীয় নেতা-প্ৰতিনিধিয়ে জনগণৰ পক্ষত থাকি বিভিন্ন দাবী উত্থাপন কৰি আহিছে৷ 

কিন্তু তেওঁলোকে নিজৰ নিজৰ অঞ্চলসমূহ আৱৰ্জনামুক্তৰ বাবে উদ্বিগ্ন নহয়৷ গাঁও সমূহ আৱৰ্জনাৰে ভৰি পৰা কাৰণে পানীও দূষিত হৈছে৷ যাৰ ফলত গাঁও সমূহত বিভিন্ন ৰোগে দেখা দিছে৷’’ গ্ৰামাঞ্চল সমূহৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি এনেদৰে কয় ৰাজ্যপাল কিৰণ বেদীয়ে৷ ইফালে এইবাৰ গাঁওসমূহ পৰিস্কাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰি কিৰণ বেদিয়ে সংশ্লিষ্ট বিভাগ আৰু প্ৰতিনিধি সকলে সেয়া কৰিব বুলি বিশ্বাস জাহিৰ কৰে ৰাজ্যপালগৰাকীয়ে৷