♦ মুছলমান আক্ৰমণকাৰী-সন্ত্ৰাসবাদীৰ কবলৰপৰা ভাৰতক উদ্ধাৰ কৰিছিল ব্ৰিটিছে

গুৱাহাটীঃ ভাৰতত ঔপনিৱেশিক শাসন চলাই এই ভূ-খণ্ডৰ অৰ্থনীতিক কোঙা কৰি পেলোৱা ব্ৰিটিছ ঔপনিৱেশিকতাৰ গুণ-গানত এইবাৰ গদগদ সততে দেশপ্ৰেমৰ প্ৰমাণ-পত্ৰ দিয়া আৰ এছ এছৰ ভগ্নী সংগঠন হিন্দু সেনাই। 

অকল ইমানেই নহয়, চিপাহী বিদ্ৰোহক চলে-বলে-কৌশলেৰে দমন কৰি ভাৰতত ব্ৰিটিছ শাসন সুদৃঢ় কৰা ৰাণী ভিক্ট’ৰিয়া এই সংগঠনটোৰ বাবে গড মাডাৰ। সেয়ে ভৰতত ঔপনিৱেশিক শাসনৰ পাতনি মেলা ৰাণী ভিক্ট’ৰিয়াৰ মৃত্যু দিৱস মঙলবাৰে উদযাপন কৰিলে হিন্দু সেনা নামৰ এই সংগঠনটোৱে।

আৰ এছ এছৰ নীতি-আদৰ্শ তথা কাৰ্যপন্থা আগতীয়াকৈ আৰু মুকলিভাৱে প্ৰকাশ কৰি অহা ইয়াৰ ভগ্নী সংগঠনসমূহৰ অন্যতম হিচাপে জনাজাত এই হিন্দু সেনাই ৰাণী ভিক্ট’ৰিয়াৰ ১১৮ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰি এই সোঁপন্থী সংগঠনটো ব্ৰিটিছৰ যে মুকলি সমৰ্থক আছিল তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে।

ভাৰতৰ সমগ্ৰ জনতাই যি সময়ত ব্ৰিটিছৰাজৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত ৰাজপথত আন্দোলনত নামি অসীম ত্যাগ কৰিছিল, সেই সময়ত বিদেশী ব্ৰিটিছৰ হৈ স্বদেশীৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ আছে আৰ এছ এছৰ বিৰুদ্ধে। এই সংগঠনটোৱেই এতিয়া সততে দিয়া দেখা যায় দেশপ্ৰেমৰ প্ৰমাণ-পত্ৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আৰ এছ এছৰ নীতিক 'ধৰ্মবাণী’ হিচাপে বিবেচনা কৰা বি জে পিৰ অসম চৰকাৰখনেই চিন্তাবিদ ডঃ হীৰেন গোহাঁইকে ধৰি আন দুজনৰ বিৰুদ্ধে শেহতীয়াকৈ দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিছে।

ৰাণী ভিক্ট’ৰিয়াৰ মৃত্যু দিৱস উদযাপন কৰা হিন্দু সেনাৰ সভাপতি বিষ্ণু গুপ্তাই 'আউটলুক’ক কয় যে মোগল সম্ৰাট বা মুছলমান শাসকৰপৰা বদৰ শ্বাহ জফৰৰ শাসন ১৮৫৭ চনত ওফৰাই পেলাইছিল ৰাণী ভিক্ট’ৰিয়াই। সেয়ে ৰাণীক সোঁৱৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে জালিৱানাৱালাবগ-কাণ্ডৰ বাহিৰে ব্ৰিটিছে ভাৰতত কোনো দমনমূলক কামেই কৰা নাছিল।

উল্লেখ্য যে হিন্দু সেনাই ইয়াৰ আইনবিৰোধী কাম-কাজৰ বাবে সময়ে সময়ে সংবাদ শিৰোনামা দখল কৰি আহিছে। ২০১৬ চনৰ জানুৱাৰীত হিন্দু সেনাৰ সভাপতি বিষ্ণু গুপ্তাক দিল্লীস্থিত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনৰ এটা কাৰ্যালয় লণ্ডভণ্ড কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। পাকিস্তানী গজল গায়ক গোলাম আলিৰ এক অনুষ্ঠানত অনুষ্ঠিত কৰাত এই সংগঠনটোৱে ২-১৬ চনৰ এপ্ৰিলত বাধা প্ৰদান কৰিছিল।