গুৱাহাটীঃ টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা৷ সামাজিক-সাংস্কৃতিক অনুষ্ঠান টাই আহোম য়ুথ ফ’ৰামে আগন্তুক অসম দিৱস উপলক্ষে অহা ২ ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

শনিবাৰে টাই আহোম য়ুথ ফ’ৰামৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিহাল গগৈৰ সঞ্চলনাত হোটেল বৰাক ৰেছিডেন্সীত এখন সভা অনুষ্ঠিত হয়৷

সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি টাই আহোম য়ুথ ফ’ৰামে অনুষ্ঠিত কৰিবলগীয়া কুইজ প্ৰতিযোগিতাৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে৷

এই সভাতেই নেহুৰ অস্থি বিদ্যা বিভাগৰ চিকিৎসক ভাস্কৰ বৰগোহাঞিক সভাপতি, হৰেণ গগৈ আৰু সিদ্ধাৰ্থ দত্তক কাৰ্যকৰী সভাপতি, বিশ্বজ্যোতি গগৈক মূখ্য সম্পাদক, সৌৰভ মহন আৰু দেৱজিৎ গোস্বামীক যুটীয়া সম্পাদক, প্ৰকাশ আগৰৱালাক কোষাধ্যক্ষ, ভিক্টৰ ৰাজকুমাৰক স্মৃতিগ্ৰন্থ সম্পাদক, দীপক গগৈক প্ৰচাৰ সম্পাদক, বনানী ফুকন আৰু পল্লৱী গগৈক সাংস্কৃতিক সম্পাদিকা, বুলি চেতিয়া আৰু নিহাল গগৈক মুখ্য ব্যৱস্থাপক হিচাপে লৈ এখন আয়োজক সমিতি গঠন কৰা হয়।

প্ৰতিযোগিতাখন গুৱাহাটী জিলা পুথিভৰালত অনুষ্ঠিত হ'ব বুলি জনায় আয়োজক সমিতিয়ে। কুইজ প্ৰতিযোগিতাত লক্ষাধিক টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাখন সফল কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে ফ’ৰামে।