নতুন দিল্লীঃ ৰাফেল যুদ্ধৰ বিমানক লৈ বুধবাৰে বেয়াকৈ মুক থেকেচা খালে খালে মোডীৰ চৰকাৰে৷ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ৰাফেলৰ গোপনীয়তাৰ সন্দৰ্ভৰ তথ্যক পুনৰবাৰ নিৰীক্ষণ কৰাৰ বিষয়ক উত্থাপন কৰে৷ 

উচ্চতম ন্যায়ালয়ে ৰাফেলৰ বিমান ক্ৰয়ৰ লগত জড়িত থকা নথি-পত্ৰ সমূহৰো পুনৰীক্ষণ কৰি বুলি শুনানি প্ৰদানৰ ৰায় দিয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰক জানিবলৈ দিয়ে৷ লগতে তিনিজনকৈ ন্যায়াধীশৰ লগত সন্মিলিত হৈ এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে৷

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ১৪ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে ৰাফেলৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নথি-পত্ৰ চুৰি হোৱা বুলি ৰক্ষা আইনৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ এই দস্তাৱেজত ৰাফেলৰ বহু হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে গোপনীয়তা ৰক্ষা কৰি এই বিষয়ত গাপ দিবলৈ চেষ্টা কৰিছিল৷

কিন্তু উচ্চতম ন্যায়ালয়ে পুনৰ ৰাফেল চুক্তিৰ সন্দৰ্ভত পুনৰীক্ষণৰ বিষয়ে উত্থাপন কৰে৷ এই বিষয়ত সাৰ্বজনীনভাৱে সকলোৱে জ্ঞাত৷ আনহাতে, ভাৰতীয় সেনা তথা দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই বিষয়ত পুনৰ বিচাৰ হ’ব বুলি কেন্দ্ৰীয় চৰকাৰক আদেশ দিয়ে৷ 

ৰাফেল যুদ্ধ বিমানক লৈ কেন্দ্ৰীয় চৰকাৰে বিৰোধীয়ে জাপি দিয়া অভিযোগকো নসাৎ কৰিছিল যদিও দেশৰ সুৰক্ষাৰ্থে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেনেধৰণৰ প্ৰমাণ পাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷