ডিজিটেল ডেস্কঃ যেন ৰাজ পৰিয়ালৰ যুৱৰাজৰ ৰাজ অভিষেক হে ঘটিল৷ দেশৰ শাসকক গাদীৰ পৰা বিচ্যুত কৰিবলৈ হাতত ক্ষমতাৰ চাবি তুলি দিয়া হ’ল যুৱৰাজৰ হাতত৷ হয়, কংগ্ৰেছৰ যুৱৰাজ ছোনীয়া তনয় ৰাহুল গান্ধীৰ কথাকৈ কৈছো৷ কংগ্ৰেছৰ দৰে এটা বৃহ দলৰ নেতৃত্ব দিবলৈ সোমাবাৰৰ পৰা হাতত ললে দলৰ সৰ্বভাৰতীয় নেতৃত্ব৷ ২০১৯ চনত দেশত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন এতিয়া কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ নেতৃত্বত খেলাৰ বাবে সম্পূৰ্ণ সাজু হৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শাসনৰ পৰা বিচ্যুত কৰিবলৈ গুৰু দায়িত্ব অৰ্পণ কৰা হ’ল দলটোৰ উপ-সভাপতি ৰাহুল গন্ধীক৷ এতিয়াৰ পৰা দলক সন্মুখৰ পৰা নেতৃত্ব দিব ৰাহুল গান্ধীয়ে৷ উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা লোকসভাৰ সাংসদ ৰাহুল গান্ধীয়ে শেহতীয়াকৈ গুজৰাট বিধান সভা নিৰ্বাচনত  ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ ৰ'লিনছ কলেজ ট্ৰিনিতি কলেজৰ ছাত্ৰ তথা কেমব্ৰিজ বিশ্বিবদ্যালয়ত অধ্যয়ণ কৰা ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধী মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈছিল৷

আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী আছিল ৰাহুলৰ পিতৃ। ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন প্ৰদান কৰিছিল৷ ৰাহুলৰ আইতা ইন্দিৰা গান্ধীও দেশৰ প্ৰধানমন্ত্ৰী আছিল৷ দুয়োগৰাকীকে আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল৷ ৰাহুলৰ পিতৃ-আৰু আইতাকো কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল৷ সোমবাৰলৈকে দলৰ সভাপতিপৰ দায়িত্ব ৰাহুলৰ মাতৃৰ হাতত আছিল যদিও মাতৃ, পিতৃ আৰু আইতাকৰ পিছত ৰাহুল এই দায়িত্ব গ্ৰহণ কৰে৷ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই সোমবাৰে সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল ছোনীয়া তনয় ৰাহুল গান্ধীয়ে৷

সোমবাৰে পুৱা ১০-৩০ বজাত নতুন দিল্লীৰ আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে ৰাহুলে৷ ৰাহুলৰ সভাপতি পদৰ বাবে স্বাক্ষৰ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহ কেইবাগৰাকী ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতাই৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে মাতৃ ছোনীয়া গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক সাক্ষাৎ কৰে৷ কংগ্ৰেছৰ নেতা আহমেদ পেটেল, শিলা দিক্ষিত, জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী নেতাই মনোনয়ন জমা দিয়াৰ সময়ত উপস্থিত থাকে ৰাহুলৰ সৈতে৷

আনহাতে কমল নাথ, মতিললা ভোৰা, তৰুণ গগৈ, শিলা দীক্ষিতে উপ-সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷ পঞ্চাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৰাহুলক পূৰ্ণ সমৰ্থন আগবঢ়ায় প্ৰধানমন্ত্ৰী হ’ব পৰা সকলো গুণ থকা বুলি কয়৷ ২০১৩ চনৰ পৰা ৰাহুল গান্ধী কংগ্ৰেছৰ উপ-সভাপতি হৈ আছিল৷ ইফালে ৰাহুল গান্ধীৰ বাহিৰে আন কোনোৱে সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰিলে৷ অহা ১৯ ডিচেম্বৰত দলৰ সাংগাঠনিক সভা অনুষ্ঠিত হ’ব৷ উক্ত সভাতে ৰাহুলক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে৷