Whoa
Whoa

ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৰ সভাপতি হ’বলৈ ওলাইছে যুৱৰাজ ৰাহুল গান্ধীয়ে৷ ইটোৰ পিছত সিটো নিৰ্বাচনত মুখ থেকেচা খোৱা কংগ্ৰেছ দলে ৰাজনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ নতুন সভাপতি নিৰ্বাচনৰ কুচ-কাৱাজ আৰম্ভ কৰিছে৷ বিশেষ সুত্ৰৰ খবৰ মতে অহা সোমবাৰে কংগ্ৰেছ ওৱৰ্কিং সমিটিৰ বৈঠক আৰম্ভ হব৷ এই বৈঠকতেই দলটোৱে নতুন সভাপতি নিৰ্বাচনৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷

ইতিমধ্যে ৰাহুল গান্ধীয়ে আশা ব্যক্ত কৰিছে যে যি দৰে তেওৰ মাকে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি নিৰ্বাচিত হৈ কংগ্ৰেছ দলক ১৭ বছৰ নেতৃত্ব দিলে সেইদৰে তেও বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি নিৰ্বাচিত হ’ব পাৰিব৷ ইতিমধ্যে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীয়ে কোনোবাই প্ৰতিদ্বন্দিতা কৰিব বিচাৰিলে দুৱাৰ খোলা আছে বুলি কয়। প্ৰতিদ্বন্দি সকলে ১ ডিছেম্বৰৰ ভিতৰত তেওলোকৰ নমিনেচন পেপাৰ জমা কৰিব লাগিব আৰু ৮ ডিছেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

সভাপতিগৰাকীয়ে যদিহে এখনতকৈ বেচি নমিনেচন দাখিল নহয় তেতিয়াহলে ১ ডিছেম্বৰতেই সভাপতি ঘোষণা হ’ব পাৰে। ইতিমধ্যেই বৰ্তমানৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে ১৯৯৮ চনৰ পৰা দলটোক নেতৃত্ব দি আহিছে যদিও বৰ্তমান তেও সন্মুখৰ পৰা দলটোক নেতৃত্ব দিব পৰাকৈ সুস্থ হৈ থকা নাই বুলি প্ৰচাৰ হয় সময়ে সময়ে। চিকিৎসাৰ বাবে তেওঁ কেইবাবাৰো বিদেশলৈ যাব লগা হৈছে। ৰাহুল গান্ধীয়ে ২০০৩ চনৰ পৰা দলটোৰ উপ-সভাপতি হৈ কংগ্ৰেছ দলৰ দ্বিতীয় সৰ্বোচ্চ নেতা হিচাপে দলৰ বাবে কাম কৰি আহিছে। এতিয়া সকলো ঠিকে-ঠাকে থাকিলে ৰাহুল গান্ধীয়ে গুজৰাট নিৰ্বাচনৰ পুৰ্বেই কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পূৰ্ণ সম্ভৱনা আছে।