এয়া আকস্মিক ভাবে কেতিয়াও সংঘটিত নহয়। এয়া ৰাহুলক দূৰ্ঘটনাত পতিত কৰাবলৈ সংঘটিত কৰা পূৰ্ব পৰিকল্পিত প্ৰচেষ্টাহেঃ কৌশিক বিদ্যাৰ্থী

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী বৃহস্পতিবাৰে এক বিমান দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ দিল্লীৰ পৰা কৰ্নাটকৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা ৰাহুল গান্ধীৰ বিমানখন কৰ্নাটকৰ হুৱলীৰ আকাশত দূৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে৷ কংগ্ৰেছক অধ্যক্ষগৰাকীয়ে যাত্ৰা কৰা বিমানখন আছিল দহজনীয়া চিটৰ এখন দশা ফ্যালকন ২০০০ এয়াৰক্ৰাফ্ট (ভিটি-এভিএছ)৷ এই বিমানখন ৰেলগেয়াৰ এবিএশ্যন লিমিটেডৰ দ্বাৰা নিয়ন্ত্ৰিত যদিও বৃহস্পতিবাৰে বিমানখন দিল্লীস্থিত এটা চাৰ্টাৰ্ড কোম্পানীৰ দ্বাৰা নিয়ন্ত্ৰন কৰা হৈছিল৷
 
দুটা ইঞ্জিনযুক্ত বিমানখনে বৃহস্পতিবাৰে পুৱা ৯.২০ বজাত দিল্লীৰ পৰা উৰা মাৰিছিল৷ কিন্তু যাত্ৰাৰ সময়ত মাটিৰ পৰা প্ৰায় ৪১ হাজাৰ ফুট উচ্চতাত বিমানখনৰ অট’পাইলট ব্যৱস্থাত বিজুটি ঘটে। অট’পাইলট বন্ধ হোৱাৰ পিছতে বিমানখনৰ পাইলটে বিমানখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে৷ পাইলটৰ প্ৰচেষ্টাত  ১১.২৫ বজাত বিমানখন সুৰক্ষিত ভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়৷ 

এটা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সুৰক্ষিত অৱতৰণৰ পিছতে স্বস্তিৰ নিশ্বাস এৰে কংগ্ৰেছ নেতা-কৰ্মী তথা ৰাহুল গান্ধীৰ গুনমুগ্ধসকলে৷ 

আনহাতে ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা বিমানখনত হোৱা অসুবিধা জানি বুজি কৰা হৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই৷ ৰাহুল গান্ধীৰ ঘনিষ্ঠ সহযোগী কৌশল বিদ্যাৰ্থীয়ে এই সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী মহানিৰ্দেশক নীলমণি এন ৰাজুলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে কয় যে ৰাহুলে যিখন বিমানেৰে যাত্ৰা আৰম্ভ কৰিছিল, যাত্ৰাৰ সময়ত বিমানখনখন হঠাৎ বাওফালে বেকা হৈ পৰে আৰু তীব্ৰ গতিৰে আকাশৰ পৰা তললৈ নামিব ধৰে৷ সেই মূহুৰ্তত বিমানখনত তীব্ৰ কম্পন অনুভূত হয়৷

সেই সময়ত বতৰ অনুকূল আছিল বুলিও পত্ৰত উল্লেখ কৰিছে কৌশল বিদ্যাৰ্থীয়ে৷ এয়া আকস্মিক ভাবে কেতিয়াও সংঘটিত নহয় বুলি উল্লেখ কৰি ৰাহুলৰ ঘনিষ্ঠ সহযোগী কৌশল বিদ্যাৰ্থীয়ে কয় যে এয়া ৰাহুলক দূৰ্ঘটনাত পতিত কৰাবলৈ সংঘটিত কৰা পূৰ্ব পৰিকল্পিত প্ৰচেষ্টাহে৷ এই ঘটনাৰ তদন্তও দাবী কৰে কৌশল বিদ্যাৰ্থীয়ে৷ 

ইফালে ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোন যোগে ৰাহুল গান্ধীৰ খবৰ লয় আৰু এটি ভয়াবহ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰা বাবে ইশ্বৰক ধন্যবাদ জনায়৷